September 20, 2026 1:03 PM

views 32

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ধুবুৰীৰ চাপৰত ৩২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্রকল্পৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীৰ চাপৰত আজি ৩২০০ মেগাৱাট শক্তিসম্পন্ন তাপবিদ্যুৎ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী অশোক সিংহল, ভূমি সংৰক্ষণ মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰাৰ বিধায়ক জীৱেশ ৰায় আৰু আদানী গ্ৰুপৰ সঞ্চালক জিৎ আদানী উপস্থিত থাকে। ৪৮ হাজাৰ কোটি টকা বিনিয়োগেৰে নিৰ্মাণ কৰিবলগীয়া এই তাপবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কালত ২০ হাজাৰৰো অধিক নিয়োগ সৃষ্টিৰ উপৰি নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ পাছত পাঁচ হাজাৰৰো অ...

August 27, 2025 7:02 PM

views 48

জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ধুবুৰীত এজন শিক্ষকক আটক

ধুবুৰী জিলাৰ গোলকগঞ্জত জেহাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত এজন শিক্ষকক আটক কৰা হৈছে। বাংলাদেশৰ জামাদী ইছলামী নামৰ সংগঠনটোৰ সৈতে জড়িত থকাৰ অভিযোগত গোলকগঞ্জ আৰক্ষীয়ে লক্ষীমাৰী মজলীয়া বিদ্যালয়ৰ শিক্ষক শ্বাহ আলম সৰকাৰক আটক কৰে। বিদ্যালয়খনৰ আন এজন শিক্ষক হজৰত আলী বৰ্তমানলৈ পলাতক হৈ আছে। পলাতক হজৰত আলীৰ সন্ধানত গোলকগঞ্জ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।

April 7, 2025 8:24 PM

views 38

ধুবুৰীত ইউকো বেংকৰ টকা আত্মসাৎ কৰি পলায়ন কৰা এগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ

ধুবুৰী চহৰত থকা ইউকো বেংকৰ দক্ষিণ শালমাৰা শাখাৰ পৰা ৩৪ লাখ টকা আত্মসাৎ কৰি পলায়ন কৰা বেংকটোৰ এগৰাকী কৰ্মচাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হৈছে। ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত সদৰ থানাৰ উপ-পৰিদৰ্শক মেহবুব আলীসহ আৰক্ষীৰ এটা দলে কালি বিহাৰৰ বৈশাখী জিলাৰ হাইদপুৰ ৰাজৌলী গাঁৱৰ পৰা শিৱশংকৰ প্ৰসাদ বিন নামৰ ইউকো বেংকৰ কোষাধ্যক্ষগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে কোষাধ্যক্ষগৰাকীৰ পৰা নগদ ১০ লাখ টকা উদ্ধাৰ কৰে। আৰক্ষীৰ দলটো আজি পুৱা ধুবুৰী সদৰ থানাত উপস্থিত হয়। কৰ্মচাৰীগৰাকীক আজি ধুবুৰী আদাল...

January 31, 2025 8:17 PM

views 55

অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত অসম মহাবিদ্যালয় গ্রন্থাগাৰিক সংস্থাৰ সোণালী জয়ন্তী অনুষ্ঠানত আজি এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হয়। ভাৰতীয় সমাজ বিজ্ঞান গৱেষণা পৰিষদৰ পৃষ্ঠপোষকতাত নুকুল গ্রন্থাগাৰত ভাৰতীয় পৰম্পৰাগত জ্ঞানৰ সংৰক্ষণ বিষয়ক এই ৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৰাষ্ট্ৰীয় অধ্যাপক শিক্ষা পৰিষদৰ পূৰ্বোত্তৰ সমিতিৰ অধ্যক্ষ ড° দিব্যজ্যোতি মহন্তই মুকলি কৰে। এই আলোচনাচক্ৰত মহাবিদ্যালয়ত গ্ৰন্থাগাৰৰ ভূমিকা, ই লাইব্ৰেৰী, গ্ৰন্থাগাৰৰ জৰিয়তে...

August 16, 2024 1:14 PM

views 72

ধুবুৰীত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত

ধুবুৰী জিলাৰ বিলাসীপাৰাৰ বগৰীবাৰী মহামায়াত বাইক আৰু ই-ৰিক্সাৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ানক পথ দুর্ঘটনা সংঘটিত হয়। এই সংঘর্ষত তিনি বাইক আৰোহীসহ ৬জন আৰোহী গুৰুত্বৰভাৱে আহত হয়। আহত কেইজনক আৰক্ষীয়ে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাব বাবে প্ৰেৰণ কৰে ৷ আনহাতে চাপৰৰ ধীৰঘাটৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি বাইক আৰু চাইকেলৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত এক ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। আহত কেইজনক উন্নত চিকিৎসাব বাবে বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷

May 30, 2024 8:01 PM

views 59

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্রশাসনৰ উদ্যোগত চাফ- চিকুণতা আৰু সাৱধানতাৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্রশাসনৰ উদ্যোগত, বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত, বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰী, গৃহিনী তথা মহিলা কৰ্মচাৰী সকলৰ মাজত মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত ল'বলগীয়া চাফ- চিকুণতা আৰু সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। সভাখনত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ স্ত্রী ৰোগ বিশেষজ্ঞ ডাঃ মুস্কুৰা আহমেদ হক, বিলাসীপাৰা দীপৰকুটি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মুৰতাজা জামান আৰু ৰাণীগঞ্জ চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ হেমাংগ দাসে মহিলাসকলৰ ঋতুচ...