ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্রশাসনৰ উদ্যোগত, বিলাসীপাৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত, বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰী, গৃহিনী তথা মহিলা কৰ্মচাৰী সকলৰ মাজত মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত ল’বলগীয়া চাফ- চিকুণতা আৰু সাৱধানতাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। সভাখনত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ স্ত্রী ৰোগ বিশেষজ্ঞ ডাঃ মুস্কুৰা আহমেদ হক, বিলাসীপাৰা দীপৰকুটি অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ মুৰতাজা জামান আৰু ৰাণীগঞ্জ চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ হেমাংগ দাসে মহিলাসকলৰ ঋতুচক্ৰৰ সময়ত হ’ব পৰা সংক্ৰাত্মক ৰোগ আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে ব্যাখ্যা কৰে। সভাৰ শেষত উপস্থিত মহিলাসকলৰ মাজত ছেনিটেৰি পেড বিতৰণ কৰাৰ লগতে নিষ্কাষণৰ স্বাস্থ্যসন্মত বিধি প্রদর্শন কৰা হয়।
Assamese | May 30, 2024 8:01 PM | Dhubri
ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা প্রশাসনৰ উদ্যোগত চাফ- চিকুণতা আৰু সাৱধানতাৰ বিষয়ে সজাগতা সভা অনুষ্ঠিত