বিশিষ্ট কবি, গীতিকাৰ আনিছ উজ জামানৰ দেওবাৰে পুৱা দেহাৱসান ঘটে। দীর্ঘদিন ধৰি অসুস্থ হৈ থকা বিশিষ্ট কবিগৰাকীয়ে দেওবাৰে পুৱা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৯ বছৰ।
তেওঁৰ প্ৰকাশিত কাব্যগ্রন্থসমূহৰ ভিতৰত অজ্ঞাতে, গধূলি, সেউজীয়া জোন, এই বাটেদিয়েই আৰু দোকমোকালি অন্যতম। ইয়াৰ উপৰি তেওঁ কেইবাখনো শিশু গ্রন্থ আৰু অনুবাদগ্রন্থ ৰচনা কৰি থৈ গৈছে।
অসম কবি সম্মিলনে কবিগৰাকীক কাব্যৰত্ন সন্মান প্রদান কৰাৰ লগতে ২০২১ চনত তেওঁক ধ্ৰুৱজ্যোতি বৰা সাহিত্য পুৰস্কাৰ, ২০২২ চনত গংগাধৰ মেহেৰ ৰাষ্ট্ৰীয় কাব্য বঁটা, ২০২৩ চন অমূল্য চক্ৰৱৰ্তী সোঁৱৰণী অনুবাদ সাহিত্য বঁটা আৰু ২০২৪ চনত গণেশ গগৈ বঁটাৰে সন্মানিত কৰা হৈছিল। অসম সাহিত্য সভাই নীলমণি ফুকনৰ পিছতেই কবি আনিছ উজ জামানক ২০২৪ বর্ষত জাতীয় কবি হিচাপে স্বীকৃতি প্রদান কৰিছিল।