ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি ছহিদ দিৱস পালন কৰা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ছহিদ দিৱস উপলক্ষে স্বাধীনতা আন্দোলনৰ প্ৰত্যেকগৰাকী বীৰ ছহিদলৈ অসমবাসীৰ হৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিছে।
উল্লেখযোগ্য যে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনৰ আজিৰ দিনটোতেই দেশৰ স্বাধীনতাৰ হকে অসমৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিকে ধৰি কেইবাগৰাকীও স্বাধীনতা সংগ্রামীয়ে জীৱন উৎসৰ্গা কৰিছিল। মাতৃভূমিৰ বেদীত সর্বোচ্চ বলিদান আগবঢ়োৱা অমৰ ছহিদসকলৰ অদম্য ত্যাগ আৰু দেশপ্ৰেমক অসমবাসীৰ হৈ মুখ্যমন্ত্ৰীয়ে শ্রদ্ধা নিবেদন কৰে।
শ্বহীদ দিবস উপলক্ষে এছ বি আই ফাউণ্ডেছন আৰু গ্ৰাম্য বিকাশ মঞ্চই বিশ্বনাথ জিলাৰ ৰাইজৰ সহযোগত বীৰাংগনা শ্বহীদ কনকলতা বৰুৱাৰ ত্যাগ আৰু বীৰত্ব শ্ৰদ্ধাৰে সোঁৱৰাৰ উদ্দেশ্যে আজি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে।
ইয়াৰ সৈতে সংগতি ৰাখি আজি জিলাখনৰ বৰঙাবাৰীত এছ বি আই সম্মান প্রজেক্টৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰা হ’ব। এই প্ৰকল্পৰ অধীনত সমাজৰ ১০০ গৰাকী যুৱক-যুৱতীক প্ৰতিৰক্ষা বাহিনীৰ সৈতে জড়িত চাকৰিৰ বাবে প্রশিক্ষণ প্ৰদানৰ উদ্দেশ্যে বীৰাংগনা কনকলতা বৰুৱা যুৱ প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হৈছে।
মহিলাসকলৰ দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰেৰণা কেন্দ্ৰ স্থাপন কৰি তেওঁলোকক কাটিং আৰু চিলাইৰ প্ৰশিক্ষণ প্রদানৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ লগতে জনসাধাৰণক কম খৰচত বিভিন্ন অনলাইন সেৱা উপলভ্য কৰোৱাৰ উদ্দেশ্যে গ্রাম সেৱা কেন্দ্রও স্থাপন কৰা হৈছে।