আঞ্চলিক সংবাদ

September 22, 2026 8:11 PM

views 19

বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সন্তুষ্টি প্ৰকাশ

বিশ্ব গঁড় দিৱস উপলক্ষে আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্বৰ মুঠ গঁড়ৰ ৮০ শতাংশ ৰাজ্যত থকা বুলি প্ৰকাশ কৰি সন্তুষ্টি ব্যক্ত কৰে। গঁড়ৰ সুৰক্ষাৰ প্ৰতি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি তেঁও কয় যে ৰাজ্যত গঁড় হত্যাৰ সংখ্যা শূন্য লৈ অৱনমিত কৰাৰ লগতে গঁড়ৰ আৱাসভূমি বৃদ্ধি কৰাৰ প্ৰচেষ্টা অ...

September 22, 2026 8:18 PM

views 8

কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি ডিফুত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰতিনিধি বৰ্গৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অঞ্চলটোত ৰূপায়িত বিভিন্ন উন্নয়নমূলক প্রকল্প আৰু আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ জনসাধাৰণৰ আশা-আক...

September 22, 2026 6:51 PM

views 13

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ’বঃ মন্ত্ৰী অজন্তা নেওগ

ৰাজ্যত নতুনকৈ ৮ হাজাৰ আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা হ'ব বুলি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ মন্ত্ৰী অজন্তা নেওগে প্রকাশ কৰিছে। বজালী জিলা আয়ুক্ত কাৰ্যালয়ত আজি মহিলা আৰু শিশু উন্নয়ন বিভাগৰ বিভিন্ন আঁচনি আৰু কাম-কাজৰ অগ্ৰগতি পর্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। পৰ্যালোচনা সভাখনত ...

September 22, 2026 6:38 PM

views 15

মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী অজন্তা নেওগৰ তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠক

হস্ততাঁত বস্ত্ৰ আৰু ৰেচম শিল্প বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰী আৰু মহিলা তথা শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি তামুলপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসন আৰু শিশু বিকাশ বিভাগৰ বিষয়াসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত মন্ত্রীদ্বয়ে নিৰ্ধাৰিত সময়সীমা অনুসৰি সকলো অংগন...

September 22, 2026 6:30 PM

views 18

চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান

চলিত বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা আজি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে অসমৰ দুগৰাকী বিশিষ্ট লোকশিল্পী পখিলা লেকথেপি আৰু তৰাৱতী মিলিক এই বঁটা প্ৰদান কৰে। নগাঁও চহৰস্থিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় প্রেক্ষাগৃহত আয়োজিত বঁটা প্রদান অনুষ্ঠানত উপস্থিত থাকি শিক্ষাম...

September 22, 2026 4:19 PM

views 36

আজি বিশ্ব গঁড় দিৱস

আজি বিশ্ব গঁড় দিৱস। বিশ্বত সম্প্ৰতি গঁড়ৰ পাঁচটা প্রজাতি পোৱা যায়। এই পাঁচ প্ৰজাতিৰ গঁড়ৰ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভাৰতকে ধৰি সমগ্ৰ বিশ্বতে গঁড় দিৱস পালন কৰা হৈ আহিছে। এই বছৰৰ গঁড় দিৱসৰ বিষয়বস্তু হৈছে – ‘পাঁচ প্রজাতিক জীয়াই ৰখা’। ইয়াৰ জৰিয়তে গঁড়ক সুৰক্ষা দিয়াৰ লগতে চোৰাং ...

September 22, 2026 4:12 PM

views 20

পৰম্পৰাগত ৰীতি-নীতিৰে আজি কৰম পূজা উদযাপন

চাহ জনগোষ্ঠীয় লোকসকলে আজি পৰম্পৰাগত ৰীতি-নীতিৰে কৰম পূজা উদযাপন কৰিছে। চাহ জনগোষ্ঠীৰ পৱিত্ৰ কৰম পূজা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশবাসীক শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে এই উৎসৱ প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা, কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু ভাতৃত্ববোধৰ প্...

September 22, 2026 6:23 PM

views 16

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ’লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিবঃ মুখ্যমন্ত্ৰী

আত্মনিৰ্ভৰ অসমৰ সপোন পূৰণ কৰিবলৈ হ'লে ৰাজ্যৰ শিক্ষাৰ্থী আৰু যুৱ সমাজক বিজ্ঞান, প্রযুক্তিবিদ্যা তথা মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান- ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰি এইদৰে কয়। তেওঁ...

September 21, 2026 9:16 PM

views 15

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ চন্দ্ৰপুৰত ইছৰ’ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গবেষণা প্রতিষ্ঠান - ইছৰ'ৰ উন্নত ৰাডাৰ গবেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নির্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতি-বিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সু...

September 21, 2026 9:07 PM

views 22

ৰাজ্যজুৰি মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবির্ভাৱ তিথি উলহ-মালহেৰে পালন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ-মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ, নামঘৰসমূহৰ লগতে আঞ্চলিক ধর্মালোচনা সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসব অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙ্গি টকৌবা...