মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গবেষণা প্রতিষ্ঠান – ইছৰ’ৰ উন্নত ৰাডাৰ গবেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নির্মাণ হ’বলগীয়া এই অত্যাধুনিক কেন্দ্ৰটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতি-বিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্বপূৰ্ণ মহাকাশ সম্পদসমূহ সুৰক্ষিত ৰখাৰ ক্ষমতা অধিক শক্তিশালী কৰিব।
মুখ্যমন্ত্রী ড° শৰ্মাই কয়, যে এসময়ত দেশৰ প্ৰধান প্রযুক্তি কেন্দ্ৰসমূহৰ পৰা বহু দূৰত বুলি বিবেচিত হোৱা অসমৰ ভূমিত এনে অত্যাধুনিক ৰাষ্ট্ৰীয় আন্তঃগাঁথনি গঢ় লৈ উঠাটো ৰাজ্যবাসীৰ বাবে সন্তুষ্টিৰ বিষয়।
ড° শৰ্মাই এই কৌশলগত ৰাষ্ট্ৰীয় প্ৰকল্পৰ বাবে অসমক বাছনি কৰি ভাৰতৰ মহাকাশ আৰু প্ৰযুক্তিৰ মানচিত্ৰত নতুন স্থান প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে।