আঞ্চলিক সংবাদ

September 21, 2026 7:23 PM

views 11

সন্দেহযুক্ত নাগৰিকে পাছপোর্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক আদালতৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে পাছপোর্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নির্দেশ প্রদান কৰিছে। ৪৫ দিনৰ ভিতৰত তদন্ত প্রক্রিয়া সম্পূর্ণ কৰি এই সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপী...

September 21, 2026 6:55 PM

views 10

ধেমাজি মাছখোৱাস্থিত এনাজৰী শিশুগৃহ, সর্বোগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে সাংসদ প্রদান বৰুৱা আৰু বিধায়ক জীৱন গগৈৰ বাৰ্তালাপ

লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা আৰু চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে আজি ধেমাজি মাছখোৱাস্থিত অনাথ আশ্রম এনাজৰী শিশুগৃহ, সর্বোগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। সেৱা সংকল্প অভিযান উদযাপনৰ অংশৰূপে সাংসদ আৰু বিধায়কগৰাকীয়ে শিশুগৃহত কিছু খাদ্যসামগ্রী আগবঢ়োৱাৰ লগতে ...

September 21, 2026 2:54 PM

views 22

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ চন্দ্ৰপুৰত ইছৰ’ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন

অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ সমীপৰ চন্দ্ৰপুৰত ভাৰতীয় মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰ'ৰ উন্নত ৰাডাৰ গৱেষণা কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। নেত্ৰা প্ৰকল্পৰ অংশ হিচাপে নির্মাণ হ'বলগীয়া এই অত্যাধুনিক কেন্দ্রটোৱে মহাকাশত থকা বিভিন্ন উপাদানৰ গতি-বিধি নিৰীক্ষণৰ লগতে ভাৰতৰ গুৰুত্...

September 21, 2026 2:42 PM

views 22

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ গুৱাহাটীৰ সামগ্রিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্প পৰিদৰ্শন

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটীৰ সামগ্রিক উন্নয়নৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্প পৰিদৰ্শন কৰি ইয়াৰ অগ্ৰগতিৰ বুজ লয়। ড° শৰ্মাই চাংসাৰিৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ আন্তঃগাঁথনি আৰু চিকিৎসা সেৱাৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে আমিনগাঁৱত নির্মীয়মান ২০ হাজাৰ ...

September 21, 2026 6:47 PM

views 75

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবির্ভাব তিথি উপলক্ষে ৰাজ্যজুৰি বিভিন্ন কাৰ্যসূচী

মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ ৰাজ্যৰ বিভিন্ন ঠাইত উলহ-মালহেৰে পালন কৰা হৈছে। এই উপলক্ষে সত্ৰপীঠ মাজুলীৰ সত্ৰ, নামঘৰসমূহৰ লগতে আঞ্চলিক ধর্মালোচনী সভাসমূহৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। জিলাখনৰ বহু ঠাইত কালিৰে পৰা গুৰুজনাৰ জন্মোৎসব অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙ্গি টকৌবা...

September 20, 2026 8:23 PM

views 16

শেহতীয়া প্রাকৃতিক দুর্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কার্যপ্রণালীৰ প্রয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

শেহতীয়াকৈ সংঘটিত প্রাকৃতিক দুর্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কার্যপ্রণালীৰ প্রয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সন্ধিয়া জলবায়ুৰ দিশ তথা পৰিবেশৰ ভবিষ্যৎ সন্দৰ্ভত আয়োজিত এখন আলোচনাসত্ৰৰ সামৰণি অনুষ্ঠানত ভাষণ দি ৰ...

September 20, 2026 8:07 PM

views 96

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ উপলক্ষে বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ কাইলৈ বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ'ব। ইয়াৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ, নামঘৰসমূহত ইতিমধ্যে শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে। উজনি মাজুলীৰ এলেঙ্গি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধর্মালো...

September 20, 2026 7:58 PM

views 15

উমৰাংছ’ত ২৪ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্যায়ত বিশ্ব পর্যটন দিৱসৰ আয়োজন

ডিমা হাচাও জিলাৰ উমৰাংছ'ত অহা ২৪ ছেপ্টেম্বৰত প্ৰথমবাৰৰ বাবে ৰাজ্যিক পৰ্য্যায়ৰ বিশ্ব পর্য্যটন দিবস পালন কৰা হ'ব। ডিমা হাচাওৰ প্ৰাকৃতিক সৌন্দর্য্য, সাংস্কৃতিক ঐতিহ্য আৰু পৰ্য্যটন থলী হিচাপে ইয়াৰ সম্ভাৱনাৰ বিষয়ে আলোকপাত কৰাৰ উদ্দেশ্যে আয়োজিত এই দিনজোৰা কাৰ্য্যসূচীৰ অংশ হিচাপে চাফাই অভিযান, আলোচনা, গছপু...

September 20, 2026 7:41 PM

views 13

বিগত ৫ বছৰত প্রায় ৮৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্রকাশ

চৰকাৰে ৰাজ্যত ১১০০ খন মাধ্যমিক পৰ্য্যায়ৰ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰিছে আৰু ইয়াৰ বাবে ৫৫০৮ কোটি টকা ব্যয় হৈছে। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ছিপাঝাৰৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ-নির্মিত ভবন মুকলি কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত প্ৰায় ৮৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে। ন...

September 20, 2026 7:15 PM

views 17

ৰাভা, বড়ো, মিছিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় ২০ হাজাৰ শব্দৰ অন্তর্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীর্ষক শব্দকোষ উন্মোচন

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ আধাৰত ৰাভা, বড়ো, মিছিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় ২০ হাজাৰ শব্দৰ অন্তর্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীর্ষক এখন শব্দকোষ আজি গুৱাহাটীত উন্মোচন কৰা হয়। এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, সাদিন প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাকে...