September 20, 2026 7:15 PM | Hemkosh

printer

ৰাভা, বড়ো, মিছিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় ২০ হাজাৰ শব্দৰ অন্তর্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীর্ষক শব্দকোষ উন্মোচন

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ আধাৰত ৰাভা, বড়ো, মিছিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় ২০ হাজাৰ শব্দৰ অন্তর্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীর্ষক এখন শব্দকোষ আজি গুৱাহাটীত উন্মোচন কৰা হয়।

এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, সাদিন প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শব্দকোষখন উন্মোচন কৰে।

অনুষ্ঠানত সাহিত্য একাডেমী আৰু পদ্মশ্রী সন্মানেৰে বিভূষিত মংগল সিং হাজোৱাৰী, কাৰ্বি সাহিত্য সভাৰ সভাপতি খৰছিং ইংতি, মিছিং সাহিত্য সভাৰ সভাপতি হৰিনাৰায়ণ পেগুৱে হেমকোষ পৰিশিষ্টখনে বিভিন্ন ভাষা শিক্ষাৰ ক্ষেত্ৰত সহায়ক হ’ব বুলি ব্যক্ত কৰে।