September 20, 2026 7:15 PM

views 17

ৰাভা, বড়ো, মিছিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় ২০ হাজাৰ শব্দৰ অন্তর্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীর্ষক শব্দকোষ উন্মোচন

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ হেমকোষৰ আধাৰত ৰাভা, বড়ো, মিছিং আৰু কাৰ্বি জনজাতিৰ প্ৰায় ২০ হাজাৰ শব্দৰ অন্তর্ভুক্তিৰে হেমকোষ পৰিশিষ্ট শীর্ষক এখন শব্দকোষ আজি গুৱাহাটীত উন্মোচন কৰা হয়। এটা গাম্ভীর্যপূর্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী, সাদিন প্রতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে শব্দকোষখন উন্মোচন কৰে। অনুষ্ঠানত সাহিত্য একাডেমী আৰু পদ্মশ্রী সন্মানেৰে বিভূষিত মংগল সিং হাজোৱাৰী, কাৰ্বি সাহিত্য সভাৰ সভাপতি খৰছিং ইংতি, মিছিং সাহিত্য সভাৰ সভাপতি হ...

May 1, 2025 12:09 PM

views 70

ভাষাৰ ওজা, হেমকোষ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসত ৰাজ্যবাসীৰ শ্রদ্ধাঞ্জলি

ভাষাৰ ওজা, হেমকোষ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। হেমচন্দ্ৰ বৰুৱাৰ ১২৯ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি আজি গুৱাহাটী বিশ্ববিদ্যালয়ত থকা প্ৰতিমূৰ্তিস্থলীত ভাষাৰ ওজাগৰাকীক শ্রদ্ধাঞ্জলি জনোৱা হ'ব। বিশ্ববিদ্যালয়ৰ পৰিয়ালৰ লগতে ভাষাৰ ওজাগৰাকীৰ পৰিয়ালৰ উপস্থিতিত আয়োজিত এই শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি সংক্ষিপ্ত স্মৃতিচাৰণ সভা, গছপুলি ৰোপন কাৰ্যসূচীব আয়োজন কৰা হৈছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ তিনিআলিত থ...