চৰকাৰে ৰাজ্যত ১১০০ খন মাধ্যমিক পৰ্য্যায়ৰ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰিছে আৰু ইয়াৰ বাবে ৫৫০৮ কোটি টকা ব্যয় হৈছে। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ছিপাঝাৰৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ-নির্মিত ভবন মুকলি কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত প্ৰায় ৮৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে।
নৱ-নির্মিত ভৱনটো উদ্বোধন কৰাৰ চেগতে মন্ত্ৰীগৰাকীয়ে দেওমৰনৈ মহাবিদ্যালয়, দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দেওমৰনৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা দেওমৰনৈ বি এড মহাবিদ্যালয় পৰিদৰ্শন কৰে। শ্রীপেগুৱে অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ, শিক্ষার্থীৰ সংখ্যা, আন্তঃগাঁথনি তথা শৈক্ষিক কাম-কাজৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে শিক্ষার্থীসকলৰ সৈতে মত-বিনিময় কৰে।
শিক্ষার্থীসকলৰ বাবে শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ উদ্দেশ্যে চৰকাৰৰ প্ৰয়াস অব্যাহত থাকিব বুলি তেওঁ প্রকাশ কৰে। তদুপৰি, তেওঁ কয়, যে শৈক্ষিক মান উন্নত কৰাৰ হকে সা-সুবিধাৰ বিকাশ ঘটোৱাত চৰকাৰে অগ্ৰাধিকাৰ দিছে।
পাছত ডাঃ পেগুৱে মন্ত্রী নীলিমা দেবী, বিধায়ক পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ সৈতে মঙলদৈত স্বতন্ত্র মহাবিদ্যালয়ৰ ৭৫ সংখ্যক প্রতিষ্ঠা দিৱস তথা মহা ৰজত জয়ন্তীৰ শুভাৰম্ভ কৰে। তেওঁ লগতে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সহযোগিতাত প্রায় ১৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা স্মাৰক মুকলি মঞ্চও উদ্বোধন কৰে।