September 20, 2026 7:41 PM
13
বিগত ৫ বছৰত প্রায় ৮৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্রকাশ
চৰকাৰে ৰাজ্যত ১১০০ খন মাধ্যমিক পৰ্য্যায়ৰ বিদ্যালয় নতুনকৈ নিৰ্মাণ কৰিছে আৰু ইয়াৰ বাবে ৫৫০৮ কোটি টকা ব্যয় হৈছে। শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি ছিপাঝাৰৰ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱ-নির্মিত ভবন মুকলি কৰি এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে বিগত ৫ বছৰত প্ৰায় ৮৫ হাজাৰ শিক্ষকক নিযুক্তি দিয়া হৈছে। নৱ-নির্মিত ভৱনটো উদ্বোধন কৰাৰ চেগতে মন্ত্ৰীগৰাকীয়ে দেওমৰনৈ মহাবিদ্যালয়, দেওমৰনৈ স্নাতক মহাবিদ্যালয়, দেওমৰনৈ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা দেওমৰনৈ বি এড মহাবিদ্যালয় পৰিদৰ্শন কৰে। শ্রীপেগুৱে অঞ্চলট...