September 20, 2026 8:07 PM | Sankardev Mahotsav

printer

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ উপলক্ষে বিভিন্ন কাৰ্য্যসূচীৰ আয়োজন

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক জন্মোৎসৱ কাইলৈ বিভিন্ন কাৰ্য্যসূচীৰে পালন কৰা হ’ব। ইয়াৰ বাবে প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। সত্ৰপীঠ মাজুলীৰ সত্ৰ, নামঘৰসমূহত ইতিমধ্যে শংকৰদেৱৰ জন্মোৎসৱ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে।

উজনি মাজুলীৰ এলেঙ্গি টকৌবাৰী সত্ৰত শ্ৰীৰাম ভকতিদ্বাৰ আঞ্চলিক ধর্মালোচনা সভাৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হৈছে।

আজি প্রথম দিনা পুৱা পৰিৱেশ নিকাকৰণ, গছপুলি ৰোপণ, নাম-প্রসঙ্গ, ধর্ম-ধ্বজা উত্তোলন, বৰগীত, চিত্রাংকণ আৰু দিহা নাম প্রতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ মুকলি সভা, বঁটা বিতৰণী অনুষ্ঠান আৰু নিশালৈ স্থানীয় যুৱকৰ সহযোগত হৰিচন্দ্ৰ উপাখ্যান ভাওনা প্রদর্শন কৰা হ’ব।

নগাঁও জিলাৰ বিভিন্ন প্রান্ততো বর্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথিৰ আয়োজন কৰা হৈছে। বিশেষকৈ শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা সত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ পালন কৰা হৈছে।

কাৰ্য্যসূচী অনুসৰি, আজি পুৱা প্ৰসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসঙ্গ পৰিৱেশন কৰা হয়। দিনৰ ভাগত চিত্রাংকণ প্রতিযোগিতা, থিতাতে ৰচনা লিখা প্রতিযোগিতা, সদৌ অসম ভিত্তিত বৰগীত প্রতিযোগিতা, দিহা নাম প্রতিযোগিতা আদি অনুষ্ঠিত হয়।