লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা আৰু চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে আজি ধেমাজি মাছখোৱাস্থিত অনাথ আশ্রম এনাজৰী শিশুগৃহ, সর্বোগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে।
সেৱা সংকল্প অভিযান উদযাপনৰ অংশৰূপে সাংসদ আৰু বিধায়কগৰাকীয়ে শিশুগৃহত কিছু খাদ্যসামগ্রী আগবঢ়োৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভবিষ্যৎ আৰু সুন্দৰ জীৱনৰ বাবে আন্তৰিক শুভকামনা জনায়।
ইফালে, এই অভিযানৰ অংশস্বৰূপে ধেমাজি জিলা পৰিবহন বিভাগে ধেমাজি নগৰত যান-বাহন আইন উলংঘাকাৰী চালকসকলক সজাগ কৰাৰ উদ্দেশ্যে যান-বাহন সজাগতামূলক অভিযান চলায়।
পথ সুৰক্ষা প্ৰসাৰ কৰা, যান-বাহনৰ নিয়ম চলাটো নিশ্চিত কৰা, পথ ব্যৱহাৰকাৰীসকলৰ মাজত দায়িত্বশীল আৰু নিৰাপদ গাড়ী চলোৱা পদ্ধতিৰ বিষয়ে অধিক সজাগতা সৃষ্টি কৰা আদি যান-বাহন সুৰক্ষা আইন সন্দর্ভত এই অভিযান চলোৱা হয়। জনসচেতনতাৰ বাবে চালক আৰু আৰোহীসকলৰ মাজত সজাগতামূলক প্ৰচাৰপত্ৰ বিতৰণ কৰা হয়।