September 21, 2026 6:55 PM
10
ধেমাজি মাছখোৱাস্থিত এনাজৰী শিশুগৃহ, সর্বোগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে সাংসদ প্রদান বৰুৱা আৰু বিধায়ক জীৱন গগৈৰ বাৰ্তালাপ
লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা আৰু চিচিবৰ গাঁও বিধানসভা সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে আজি ধেমাজি মাছখোৱাস্থিত অনাথ আশ্রম এনাজৰী শিশুগৃহ, সর্বোগ্ৰাম সেৱা সংঘৰ অনাথ শিশুসকলৰ সৈতে বাৰ্তালাপ কৰে। সেৱা সংকল্প অভিযান উদযাপনৰ অংশৰূপে সাংসদ আৰু বিধায়কগৰাকীয়ে শিশুগৃহত কিছু খাদ্যসামগ্রী আগবঢ়োৱাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভবিষ্যৎ আৰু সুন্দৰ জীৱনৰ বাবে আন্তৰিক শুভকামনা জনায়। ইফালে, এই অভিযানৰ অংশস্বৰূপে ধেমাজি জিলা পৰিবহন বিভাগে ধেমাজি নগৰত যান-বাহন আইন উলংঘাকাৰী চালকসকলক সজাগ কৰাৰ উদ্দেশ্যে যান-বাহন সজ...