শেহতীয়াকৈ সংঘটিত প্রাকৃতিক দুর্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কার্যপ্রণালীৰ প্রয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সন্ধিয়া জলবায়ুৰ দিশ তথা পৰিবেশৰ ভবিষ্যৎ সন্দৰ্ভত আয়োজিত এখন আলোচনাসত্ৰৰ সামৰণি অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গোলকীয় বৈজ্ঞানিকসকলে পৰিবেশ শংকা গুৰুতৰ হৈ পৰা বুলি বাৰে বাৰে সকিয়াই দিছে।
এই সমস্যাটো সমাধান কৰাৰ লগতে এই দিশত অধিক ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আঞ্চলিক, স্থানীয় তথা আন্তর্জাতিক পর্যায়ত সকলো পক্ষৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। শ্রীমতী মুর্মুৱে কয় যে জলবায়ু পৰিবৰ্তনৰ জৰিয়তে মানব জাতিৰ অস্তিত্বলৈ বিভিন্ন পর্যায়ত ভাবুকি আহি পৰিছে।
তেওঁ পৰিবেশ সম্পৰ্কীয় অসমতা সন্দর্ভত জৈৱ-বৈচিত্র্য হানি, পৰিস্কাৰ জলৰ পৰিমাণ হ্রাস তথা ভূমি অৱক্ষয়ৰ উদাহৰণ দাঙি ধৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে জলৰ নাটনি হোৱা অঞ্চলসমূহৰ বাসিন্দাসকলৰ বাবে কৃষিপামসমূহৰ ক্ষেত্ৰত কম স্থানত অধিক সামগ্রী উৎপাদন কৰাৰ বিশেষ ব্যৱস্থা উপযোগী।
তেওঁ কয় যে পৰিবেশ সম্পৰ্কীয় আইনী বিষয়সমূহত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰাধিকৰণে বুজন সংখ্যক বিবাদ নিষ্পত্তি কৰা বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে কয় যে দেশত অনাময় ব্যৱস্থাপনা, বায়ুৰ মান তথা নৈসমূহৰ ব্যৱস্থাপনা সন্দৰ্ভত প্ৰাধিকৰণে এটা সক্রিয় আন্তঃগাঁথনিৰ বিকাশ ঘটাইছে।
এই অনুষ্ঠানত শক্তি, গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্রী মনোহৰ লাল, উচ্চতম ন্যায়াধীশ জাষ্টিছ বি ভি নাগৰত্ন, ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ অধ্যক্ষ জাষ্টিছ প্রকাশ শ্রীবাস্তব, ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাইও ভাষণ দিয়ে।