September 20, 2026 8:23 PM

views 16

শেহতীয়া প্রাকৃতিক দুর্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কার্যপ্রণালীৰ প্রয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰ প্ৰকাশ

শেহতীয়াকৈ সংঘটিত প্রাকৃতিক দুর্যোগসমূহে জলবায়ু পৰিৱৰ্তন ৰোধ কৰিবলৈ এক সুসংহত জলবায়ু কার্যপ্রণালীৰ প্রয়োজনীয়তাক স্পষ্ট কৰি দিয়া বুলি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সন্ধিয়া জলবায়ুৰ দিশ তথা পৰিবেশৰ ভবিষ্যৎ সন্দৰ্ভত আয়োজিত এখন আলোচনাসত্ৰৰ সামৰণি অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গোলকীয় বৈজ্ঞানিকসকলে পৰিবেশ শংকা গুৰুতৰ হৈ পৰা বুলি বাৰে বাৰে সকিয়াই দিছে। এই সমস্যাটো সমাধান কৰাৰ লগতে এই দিশত অধিক ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰিবলৈ আঞ্চলিক, স্থানীয় তথা আন্তর্জাতিক...