সন্দেহযুক্ত নাগৰিকে পাছপোর্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক আদালতৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে পাছপোর্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নির্দেশ প্রদান কৰিছে। ৪৫ দিনৰ ভিতৰত তদন্ত প্রক্রিয়া সম্পূর্ণ কৰি এই সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে নির্দেশনাত সন্নিবিষ্ট কৰে।

উল্লেখযোগ্য যে দক্ষিণ শামলাৰা, মানকাচৰৰ চালেকা খাতুন নামৰ এগৰাকী মহিলাক জিলাখনৰ এখন বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰে। যোৱা ৩ জুনত বিদেশী ন্যায়াধিকৰণৰ এই ৰায়ক প্ৰত্যাহ্বান জনাই চালেকা খাতুনে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰে।

এই আবেদনখনৰ শুনানি কালতে উচ্চ ন্যায়ালয়ে বিদেশী সংক্রান্তীয় গোচৰ ৰুজু হৈ থকা অৱস্থাত চালেকা খাতুনে ২০১৮ চনৰ ৫ অক্টোবৰত পাছপোর্ট লাভ কৰা তথ্যৰ ওপৰত দৃষ্টিনিবদ্ধ কৰে। সন্দেহজনক নাগৰিকগৰাকীয়ে কেনেদৰে গোচৰ ৰুজু হৈ থকা অৱস্থাত পাছপোর্ট লাভ কৰিলে সেই সন্দৰ্ভত উচ্চ ন্যায়ালয়ে অসম আৰক্ষী সঞ্চালক প্রধানক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।