September 21, 2026 7:23 PM

views 11

সন্দেহযুক্ত নাগৰিকে পাছপোর্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক আদালতৰ নির্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে এগৰাকী সন্দেহযুক্ত নাগৰিকে পাছপোর্ট লাভ কৰা ঘটনাৰ তদন্ত কৰিবলৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক নির্দেশ প্রদান কৰিছে। ৪৫ দিনৰ ভিতৰত তদন্ত প্রক্রিয়া সম্পূর্ণ কৰি এই সন্দৰ্ভত প্রতিবেদন দাখিল কৰিবলৈ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি আৰু ন্যায়াধীশ সুস্মিতা ফুকন খাউণ্ডৰ বিচাৰপীঠে নির্দেশনাত সন্নিবিষ্ট কৰে। উল্লেখযোগ্য যে দক্ষিণ শামলাৰা, মানকাচৰৰ চালেকা খাতুন নামৰ এগৰাকী মহিলাক জিলাখনৰ এখন বিদেশী ন্যায়াধিকৰণে বিদেশী হিচাপে ঘোষণা কৰে। যোৱা ৩ জুনত বিদেশী ন্যায়াধিকৰণৰ এই ৰায়ক প...