দেশৰ সৌৰ সামৰ্থ্যই ১৬৮.০৪ গিগাৱাট স্পৰ্শ কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সন্তুষ্টি প্রকাশ কৰিছে। নৱীকৰণযোগ্য শক্তি খণ্ডই বিশেষ অগ্রাধিকাৰ লাভ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে এই বিষয়ে সদৰী কৰিছে। উল্লেখযোগ্য যে, নবীকৰণযোগ্য তথা নিকা শক্তি খণ্ডত বিশেষ গুৰুত্বসহ দেশত পৰিৱেশ সম্পৰ্কীয় কাম-কাজসমূহ বিকশিত কৰা হৈছে।
সম্প্রতি দেশৰ মুঠ নৱীকৰণযোগ্য শক্তি সামর্থ্য প্রায় ২৯৫.৫৫ গিগাৱাট। খনি আৰু খনিজ পদার্থ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই এই সন্দৰ্ভত কয়, যে দেশৰ জলবায়ু সম্পৰ্কীয় কাম-কাজৰ প্ৰগতি ত্বৰান্বিত কৰাত নবীকৰণযোগ্য শক্তি খণ্ডৰ গুৰুত্ব ক্ৰমাৎ বৃদ্ধি পাইছে।