কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন

প্রয়াত কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন। সুললিত কণ্ঠৰে অসমীয়া সংগীত জগতলৈ অনন্য বৰঙনি আগবঢ়াই যোৱা শিল্পীগৰাকীয়ে ১৯৪৩ চনৰ আজিৰ দিনটোতে মঙলদৈত জন্মগ্রহণ কৰিছিল।

অসামান্য প্ৰতিভাৰ অধিকাৰী জয়ন্ত হাজৰিকাই বনৰীয়া ফুল, নিয়তি, বৃষ্টি, ধর্মকায়, নতুন আশা আদি বোলছবিত স্বকীয়ভাবে সংগীত পৰিচালনা কৰিছিল।

১৯৬২ চনত তেওঁ কলিকতাত ৰেকৰ্ড কৰা আগলি বতাহে কঁপালে কলৰে পাত… আৰু কৃষ্ণচূড়া কৃষ্ণচূড়া… গানৰ ৰেকৰ্ডখন যথেষ্ট জনপ্রিয় হৈছিল। ভূপেন হাজৰিকাৰ পৰিচালনাত মণিৰাম দেৱান বোলছবিত সোণাৰ বৰণ পাখিৰে তোৰ…. গানত পশ্চিমবংগৰ শিল্পী শ্যামল মিত্ৰৰ সৈতে কণ্ঠদান কৰাৰ পাছত তেওঁ ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰাৰ উপৰি বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে।

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৰেণ্য কণ্ঠশিল্পী, সুৰৰ যাদুকৰগৰাকীৰ পৱিত্ৰ জন্ম বার্ষিকীত গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্রীয়ে কয়, যে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ মায়াময় সুৰ, হৃদয়স্পর্শী গীত আৰু অনন্য সৃষ্টিৰাজীয়ে অসমীয়া সংগীতক সমৃদ্ধ কৰাৰ লগতে সাংস্কৃতিক জীবনলৈ অমলিন সৌন্দর্য কঢ়িয়াই আনিছে। তেওঁৰ সুৰত থকা আৱেগ, ভালপোৱা আৰু অসমীয়াৰ আত্মাৰ স্পন্দন প্ৰজন্মৰ পাছত প্রজন্মলৈ বৈ থাকিব বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে।