লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ কাম সম্পূৰ্ণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিত অনুমোদন জনাইছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত-সচিব নাৰায়ণ কোঁৱৰে মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছে।
এই পত্ৰখনত বদলি হোৱা শিক্ষকসকলক নতুন বিদ্যালয়ত যোগদানৰ বাবে পুৰণি বিদ্যালয়ৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে। আনহাতে যিসমূহ জিলাত নিৰ্বাচনৰ আচৰণ বিধি বলবৎ হৈ আছে, সেইসমূহ জিলাত আচৰণ বিধি শেষ হোৱাৰ পাছতহে বিদ্যালয়ৰ পৰা মুকলি কৰি দিবলৈ কোৱা হৈছে।