আঞ্চলিক সংবাদ

June 5, 2026 12:49 PM

views 27

গোৱালপাৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন

গোৱালপাৰা বন সংমণ্ডলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আজি উচ্ছেদিত এলেকাত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনত বিগত বছৰটোত উচ্ছেদ চলোৱা বিভিন্ন অঞ্চলত পর্যায় ক্ৰমে গছপুলি ৰোপণ কৰা হৈছে। আজি দহিকতা লেৱাবাৰী অঞ্চলৰ খালী হৈ থকা ১৬ হেক্টৰ মাটিত গছপুলি ৰোপণ কৰা হৈছে। আজিৰ দিনটোত...

June 5, 2026 12:27 PM

views 17

ধেমাজিত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতীৰ মৃত্যু

ধেমাজি জিলাৰ জোনাইৰ লুহিজান গাঁৱত আজি পুৱতি নিশা বিদ্যুৎস্পৃষ্ট হৈ এটা বনৰীয়া হাতী মৃত্যুমুখত পৰে। বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীটোৱে গাঁওখনৰ এটা পৰিয়ালৰ ভঁৰালৰ কাষত বিদ্যুস্পৃষ্ট হৈ মৃত্যুক সাৱটি লয় বুলি আকাশবাণী ধেমাজিৰ সংবাদদাতাই জানিবলৈ দিছে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চলৰ পৰ...

June 5, 2026 12:10 PM

views 23

বকোত মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত এক বিশেষ অভিযান

কামৰূপ জিলাৰ বকোত মীন আইন ভংগ কৰি ব্ৰহ্মপুত্ৰ নদীত পোনা আৰু কণী থকা মাছ ধৰি অহা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত এক বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা জিৰোৰ পৰা ব্ৰহ্মপুত্ৰত অভিযান...

June 5, 2026 12:06 PM

views 40

চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক

উচ্চ শিক্ষা সঞ্চালকালয়ৰ অধীনত ৰূপায়িত চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ আধাৰ কাৰ্ড আৰু আধাৰৰ সৈতে সংযুক্ত বেংক একাউণ্ট বাধ্যতামূলক কৰা হৈছে। এই সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ পৰা বিশ্ববিদ্যালয়সমূহৰ পঞ্জীয়ক আৰু মহাবিদ্যালয়সমূহৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত উল্...

June 5, 2026 12:01 PM

views 22

অৰুণাচল প্ৰদেশ আৰু ধেমাজিত নেৰানেপেৰা বৰষুণৰ ফলত নাহৰ নৈৰ ভয়ংকৰ ৰূপ ধাৰণ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে নাহৰ নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ অমৰপুৰ পাংগিংগাঁৱৰ সমীপৰ মথাউৰিৰ প্ৰায় ৩০ মিটাৰ অংশ ছিঙি পেলোৱাত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বানত নাহৰ বিজুলী, না...

June 5, 2026 11:51 AM

views 29

দক্ষিণ শালমাৰা-মানকাচৰত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি

দেশৰ লোকপিয়ল ২০২৭ সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দুই জুনৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী...

June 5, 2026 11:46 AM

views 30

গুৱাহাটী মহানগৰীত সংঘটিত অগ্নিকাণ্ডত পিতৃ-মাতৃসহ দুটি সন্তানৰ মৃত্যু

গুৱাহাটী মহানগৰীৰ জালুকবাৰীৰ জয়মতী নগৰত যোৱা নিশা সংঘটিত এটা ভয়ংকৰ অগ্নিকাণ্ডত পিতৃ- মাতৃসহ দুটি সন্তানৰ শোকাবহভাৱে মৃত্যু হয়। মৃত্যু হোৱা লোককেইজন গোৱালপাৰাৰ লক্ষিপুৰৰ বুলি জানিব পৰা গৈছে। শুই থকা অৱস্থাত জুইৰ লেলিহান শিখাই আগুৰি ধৰাৰ ফলত চাৰিওজনে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটি লয়। এই অগ্নি...

June 5, 2026 11:18 AM

views 40

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যত আজি এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ

আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। ১৯৭৩ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে ৫ জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ দিৱসৰ বিষয়বস্তু হৈছে ‘প্ৰক...

June 5, 2026 11:08 AM

views 29

মুখ্যমন্ত্রীৰ নেতৃত্বাধীন অসম মন্ত্রীসভাৰ ১২গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত স্থান লাভ কৰা ১২গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ ১২ বাজি ৪৫ মিনিটত হ'বলগীয়া অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই নতুন মন্ত্রীসকলক শপতবাক্য পাঠ কৰোৱাব। মুখ্যমন্ত্রী ড° শৰ্মাই কা...

June 4, 2026 7:50 PM

views 23

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি নাকচ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পার্থিবজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে, অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টট্রেক আদালতে দিয়া নির্দেশক প্রত্যাহ্বান জনাই চেতন ধীৰাচৰিয়...