স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ৰাজ্য চৰকাৰৰ আৰক্ষী প্রশাসনত ব্যাপক সালসলনি

স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত কালি ৰাজ্য চৰকাৰৰ আৰক্ষী প্রশাসনত ব্যাপক সালসলনি কৰা হয়। গৃহ বিভাগে জাৰি কৰা এটা নির্দেশনা অনুসৰি অসম আৰক্ষীৰ কেইবাগৰাকীও শীর্ষ পৰ্যায়ৰ বিষয়াক নতুন দায়িত্ব অর্পণ কৰা হৈছে। সেই অনুসৰি বিশেষ শাখাৰ উপ-আৰক্ষী মহাপৰিদৰ্শক ৰত্না সিংহক পদোন্নতিসহ বিশেষ শাখাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হৈছে। আনহাতে বিশেষ শাখাৰ পূৰ্বৰ আৰক্ষী মহাপৰিদৰ্শক কংকনজ্যোতি শইকীয়াক যোৰহাটৰ পূব মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। বঙাইগাঁৱৰ পশ্চিম মণ্ডলৰ বিজয়গিৰি কুলীগামক বিটিএডিৰ আৰক্ষী মহাপৰিদৰ্শকৰ দায়িত্ব অর্পণ কৰা হৈছে। তেজপুৰৰ উত্তৰ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক প্রশান্ত সাগৰ চাংমাইক অসম অগ্নি আৰু জৰুৰীকালীন সেৱাৰ আৰক্ষী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হৈছে। হোজাইৰ জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক বীৰা ভেংকট ৰাজেক ৰেষ্ট্ৰীক নগাঁৱৰ নতুন জ্যেষ্ঠ আৰক্ষী মহাপৰিদৰ্শক নিযুক্তি দিয়া হৈছে। নগাঁৱৰ পূৰ্বৰ এছ এছ পি পার্থপ্রতীম দাসক কাছাৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ৰ প্ৰশাসন শাখাৰ উপ-আৰক্ষী আয়ুক্ত নিৰূপম হাজৰিকাক হোজাই জিলাৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। অসম ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়ৰ কাৰ্যবাহী সঞ্চালক হিচাপে কৰ্মৰত স্বপ্ননীল ডেকাক গোলাঘাটৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বলদি কৰা হৈছে। গোলাঘাটৰ পূৰ্বৰ এছ এছ পি ৰাজেন সিঙক ডি আই জি হিচাপে পদোন্নতিমূলক নিযুক্ত দিয়া হৈছে। দৰঙৰ জ্যেষ্ঠ আৰক্ষী আধীক্ষক ৬০ ৰবিন কুমাৰক অসম আৰক্ষীৰ ডি আই জি হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে দৰঙৰ নতুন এছ এছ হিচাপে শর্মিষ্ঠা বৰুৱাক নিযুক্তি দিয়া হৈছে। মৰিগাঁৱৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্রকাশ সোণোৱালক ধেমাজিৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। ইফালে গুৱাহাটীৰ সীমান্ত শাখাৰ উপ আৰক্ষী আয়ুক্ত নিশান্ত সৌৰভক মৰিগাঁৱৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ দায়িত্ব দিয়া হৈছে। চি আই ডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা চিৰাং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। চিৰাঙৰ পূৰ্বৰ এছ এছ পি মোহন লাল মীনাক কাহিলীপাৰাৰ ফৰেন্সিক বিজ্ঞান সঞ্চালকালয়ৰ সঞ্চালক হিচাপে বদলি কৰা হৈছে। চি আই ডিৰ এছ এছ পি আছিফ আহমেদক বিশ্বনাথ জিলাৰ নতুন জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে। জ্যেষ্ঠ আৰক্ষী বিষয়া অমৃত ভুঞা, গৌতম বৰা, ৰঞ্জন ভূঞা, প্ৰণৱ জ্যোতি গোস্বামীক আৰু সুধাকৰ সিঙক বিভিন্ন বিভাগৰ ডি আই জি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে সঞ্জীব কুমাৰ শইকীয়াক ২০ এ পি বি এন পাণবাৰীৰ কামাণ্ডেণ্ট, সৌৰভ জ্যোতি শইকীয়া আৰু হৰিকৃষ্ণ নাথক চি আই ডিলৈ বদলি কৰা হৈছে।