প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত নতুনকৈ স্থাপন কৰা এটা পোচাক নিৰ্মাণ উদ্যোগৰ উদ্বোধন কৰিব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশ আৰু ওড়িশা ভ্রমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰাণসীত নতুনকৈ স্থাপন কৰা এটা পোচাক নির্মাণ উদ্যোগৰ উদ্বোধন কৰিব।

এই উদ্যোগটোরে দেশৰ বস্ত্ৰ আৰু পোচাক নির্মাণ খণ্ডক শক্তিশালী কৰাৰ লগতে উদ্যোগিক বিকাশ তৃৰান্বিত কৰিব আৰু বিশেষকৈ মহিলাসকলৰ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ ফলত অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নতো অৰিহনা যোগাব। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ নমো ঘাটত ভাৰতীয় বায়ুসেনা দিবস উপলক্ষে আয়োজিত উইংছ অভাৰ গংগেজ শীর্ষক প্রদর্শনী প্রত্যক্ষ কৰিব।

এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ ৯৪ সংখ্যক প্রতিষ্ঠা দিৱস উদযাপন কৰা হ’ব। এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথ আৰু প্ৰতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙ উপস্থিত থাকিব।

ইয়াৰ পাছতে শ্রীমোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰলৈ যাব। তাত তেওঁ ভাৰতীয় ৰিজার্ভ বেংকৰ নৱনির্মিত তথ্য কেন্দ্ৰ আৰু চাইবাৰ সুৰক্ষা প্রশিক্ষণ প্রতিষ্ঠান উদ্বোধন কৰিব। ১৭০ কোটি ব্যয় সাপেক্ষ এই প্রতিষ্ঠান দুটা উদ্বোধন কৰাৰ পাছত তেওঁ এখন জনসভাতো ভাষণ দিব।

এই প্রতিষ্ঠান দুটাই বেংক আৰু সামগ্রিক বিত্তীয় খণ্ডৰ বাবে এক সুৰক্ষিত, নিৰ্ভৰযোগ্য, সম্প্ৰসাৰণযোগ্য আৰু ভৱিষ্যতৰ প্ৰযুক্তিগত প্রয়োজনীয়তাৰ সৈতে খাপ খোৱা ব্যৱস্থা গঢ়ি তোলাত সহায় কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।