মুখ্যমন্ত্রীৰ নেতৃত্বাধীন অসম মন্ত্রীসভাৰ ১২গৰাকী মন্ত্ৰীৰ আজি শপত গ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম মন্ত্রীসভাত স্থান লাভ কৰা ১২গৰাকী মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰিব। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত দিনৰ ১২ বাজি ৪৫ মিনিটত হ’বলগীয়া অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যই নতুন মন্ত্রীসকলক শপতবাক্য পাঠ কৰোৱাব।

মুখ্যমন্ত্রী ড° শৰ্মাই কালি সম্প্ৰসাৰিত মন্ত্রীসভাত স্থান লাভ কৰা এন ডি এৰ ১২গৰাকী বিধায়কৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে। ইয়াৰে ১১ গৰাকী বিজেপিৰ আৰু এগৰাকী অসম গণ পৰিষদৰ। সম্প্ৰসাৰিত মন্ত্রীসভাত গোলকগঞ্জৰ অশ্বিনী ৰয় সৰকাৰ, ঢেকিয়াজুলিৰ অশোক সিংহল, টিংখাঙৰ বিমল বৰা, তামুলপুৰৰ বিশ্বজিৎ দৈমাৰী, নলবাৰীৰৰ জয়ন্ত মল্ল বৰুৱা, লক্ষীপুৰৰ কৌশিক ৰায়, কলিয়াবৰৰ বিধায়ক কেশৱ মহন্ত, পাথাৰকান্দিৰ কৃষ্ণেন্দু পাল, মঙলদৈৰ নীলিমা দেৱী, জাগীৰোডৰ পীযূষ হাজৰিকা, ধেমাজিৰ ডাঃ ৰণোজ পেগু আৰু ডিমৌৰ সুশান্ত বৰগোঁহাইয়ে স্থান লাভ কৰিছে। পুনৰবাৰ মন্ত্রিত্ব লাভ কৰা অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই সাংবাদিকৰ আগত এনেদৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে।