দেশৰ লোকপিয়ল ২০২৭ সফলভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনৰ উদ্যোগত দুই জুনৰ পৰা অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এই প্ৰশিক্ষণত জিলাখনৰ বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত লোকপিয়ল সুচাৰূৰুপে সম্পন্ন কৰাৰ লক্ষ্যৰে বৃহৎ তালিকাভুক্ত, গৃহ গণনা, তথ্য সংগ্রহ, নথিভুক্তকৰণ আৰু ডিজিটেল পদ্ধতিৰ ব্যৱহাৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ অন্তত জিলা প্ৰশাসনৰ উদ্যোগত এখন সংবাদমেলো অনুষ্ঠিত হয়। সংবাদমেলত লোকপিয়লৰ দায়িত্বত থকা ভাৰতৰ উপ-মহাপঞ্জীয়ক ভাৰতী চান্দাই লোকপিয়ল সফলভাৱে সম্পন্ন কৰিবলৈ জনসাধাৰণৰ সম্পূৰ্ণ সহযোগিতাৰ বাবে আহ্বান জনায়।
Assamese | June 5, 2026 11:51 AM | dakhinsalmara | Lokapriyal
দক্ষিণ শালমাৰা-মানকাচৰত প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়ল বিষয়ক জিলা পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি