কামৰূপ জিলাৰ বকোত মীন আইন ভংগ কৰি ব্ৰহ্মপুত্ৰ নদীত পোনা আৰু কণী থকা মাছ ধৰি অহা মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত এক বিশেষ অভিযান চলোৱা হয়। এই অভিযানত বিভিন্ন প্ৰকাৰৰ কেইবাখনো মাছধৰা জাল আৰু চেপা জব্দ কৰা হয়। কামৰূপৰ ছমৰীয়া সমষ্টিৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ আচলপাৰা জিৰোৰ পৰা ব্ৰহ্মপুত্ৰত অভিযান চলোৱা হয়। অভিযানকাৰী দলটোৱে অবৈধভাৱে মাছ ধৰা কাৰ্যত জড়িত এজন লোককো আটক কৰে। উল্লেখযোগ্য যে, এক এপ্ৰিলৰ পৰা ১৫ জুলাইলৈকে নদীত মাছ ধৰা সম্পূৰ্ণৰূপে বন্ধ থাকে।
Assamese | June 5, 2026 12:10 PM | Kamrup
বকোত মাছমৰীয়াৰ বিৰুদ্ধে মীন বিভাগৰ নিৰ্দেশত এক বিশেষ অভিযান