June 4, 2026 7:50 PM | Zubin Garg - HC

printer

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি নাকচ

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পার্থিবজ্যোতি শইকীয়াৰ বিচাৰপীঠে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ইপিনে, অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টট্রেক আদালতে দিয়া নির্দেশক প্রত্যাহ্বান জনাই চেতন ধীৰাচৰিয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো আজি আদালতখনে শুনানি গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে। আদালতে এই গোচৰ আৰু আবেদন অন্য আদালতলৈ হস্তান্তৰ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।