গোৱালপাৰা বন সংমণ্ডলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আজি উচ্ছেদিত এলেকাত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনত বিগত বছৰটোত উচ্ছেদ চলোৱা বিভিন্ন অঞ্চলত পর্যায় ক্ৰমে গছপুলি ৰোপণ কৰা হৈছে। আজি দহিকতা লেৱাবাৰী অঞ্চলৰ খালী হৈ থকা ১৬ হেক্টৰ মাটিত গছপুলি ৰোপণ কৰা হৈছে। আজিৰ দিনটোত মুঠ ছহাজাৰ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে।
দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ১৩টা বি এছ এফ শিবিৰৰ লগতে বৰাইৰ আলগা বি এছ এফ নিৰীক্ষণ চকীৰ চৌহদত আজি গছ পুলি ৰোপণ কৰা হয়। পঞ্চায়তৰ প্ৰতিনিধিসকলেও এই কাৰ্যসূচীত অংশ লয়।