June 5, 2026 7:14 PM

views 40

বিশ্ব পৰিবেশ দিৱস উপলক্ষে নতুন দিল্লীত ১৮খন নমো অক্সিজেন উদ্যান মুকলি

বিশ্ব পৰিবেশ দিৱস উপলক্ষে পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি নতুন দিল্লীত ১৮ খন নমো অক্সিজেন উদ্যান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এজোপা গছ মাৰ নামত শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ অধীনত এলানি পৰিবেশ কাৰ্যসূচী মুকলি কৰে। অনুষ্ঠানত ভাষণ দি শ্রীযাদৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিবেশ সম্বন্ধীয় কার্যত ভাৰত বিশ্বনেতা হিচাপে পৰিচিত হৈছে। তেওঁ কয় যে ভাৰতে সৌৰশক্তি স্থাপনত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট...

June 5, 2026 7:14 PM

views 28

আজি বিশ্ব পৰিৱেশ দিৱস

আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। ১৯৭৩ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে ৫ জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে – ‘প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ। আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে'। বিশ্ব পৰিবেশ দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এজোপা গছ মাৰ নামত পদক্ষেপৰ দৰে কাৰ্যসূ...

June 5, 2026 12:49 PM

views 25

গোৱালপাৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত বিশ্ব পৰিৱেশ দিৱস পালন

গোৱালপাৰা বন সংমণ্ডলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সহযোগত আজি উচ্ছেদিত এলেকাত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। জিলাখনত বিগত বছৰটোত উচ্ছেদ চলোৱা বিভিন্ন অঞ্চলত পর্যায় ক্ৰমে গছপুলি ৰোপণ কৰা হৈছে। আজি দহিকতা লেৱাবাৰী অঞ্চলৰ খালী হৈ থকা ১৬ হেক্টৰ মাটিত গছপুলি ৰোপণ কৰা হৈছে। আজিৰ দিনটোত মুঠ ছহাজাৰ পুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ১৩টা বি এছ এফ শিবিৰৰ লগতে বৰাইৰ আলগা বি এছ এফ নিৰীক্ষণ চকীৰ চৌহদত আজি গছ পুলি ৰোপণ কৰা হয়। পঞ্চায়তৰ প্ৰতি...

June 4, 2026 7:42 PM

views 24

ৰাজ্যত কাইলৈৰ বিশ্ব পৰিৱেশ দিৱসত প্রায় ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য নির্ধাৰণ

ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্রায় এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ ৩৫ লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানিকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। সমগ্র শিক্ষা অসমেও বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছ...

June 3, 2026 10:29 PM

views 32

ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এক কোটি গছপুলি ৰোপণৰ লক্ষ্য

♦ ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ ৩৫ লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ’ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানিকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যাসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দি...

June 6, 2025 12:17 PM

views 51

পৰিৱেশ কৰ্মী কুমুদ বৰুৱাক কেয়াৰ লুইত আৰু বিশ্বনাথৰ উত্তৰ চাৰিআলি সন্মিলিত মঞ্চৰ সম্বৰ্ধনা জ্ঞাপন

 কেৱল পৰিৱেশ দিৱসৰ দিনাখনেই নহয় বছৰটোৰ প্ৰতিটো দিনেই পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰি যোৱা অবিভক্ত শোণিতপুৰ জিলাৰ এজন পৰিৱেশ কৰ্মী হৈছে বিশ্বনাথৰ কুমুদ বৰুৱা। পেচাত এগৰাকী জ্যেষ্ঠ অধিবক্তা বৰুৱাই বিশ্বনাথ নগৰখনত প্ৰায় ১০ হাজাৰ গছপুলি ৰোপণ আৰু প্ৰতিপালন কৰি নগৰখনক সেউজ কৰি ৰখাত যথেষ্ট অৰিহনা যোগাইছিল। তেজপুৰ নগৰতো তেওঁ ৰোপণ কৰা ভালেসংখ্যক গছ-লতা এতিয়া জাতিষ্কাৰ হৈ উঠিছে। গছপুলি ৰোপণৰ বাবেই তেওঁ নিজৰ ভূমি আৰু বাহনো বিক্ৰী কৰি ধনৰ যোগাৰ কৰিছিল। ২০২৩ চনত এটা পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ বৰ্তমান শয্যা...

June 4, 2025 8:10 PM

views 58

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কাইলৈ দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচী

বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ উদ্যোগত দেশজুৰি গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অসমতো অটল নগৰীয়া উজ্জীৱিতকৰণ আৰু ৰূপান্তকৰণ অভিযান অৰ্থাৎ‍ অদ্ভুত আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনত কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই অভিযানৰ প্ৰথম পৰ্যায়ত ইতিমধ্যে কাৰ্যসূচী লোৱা হৈছে আৰু কাইলৈৰ পৰা অহা ৩১ আগষ্টলৈ দ্বিতীয় পৰ্যায়ৰ কাৰ্যসূচী লোৱা হ’ব। কাইলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰিৱেশ দিৱস উপলক্ষে অন্যান্য সজাগতা কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই উপলক্ষে বিদ্যালয়...

June 5, 2024 6:27 PM

views 37

অসমত বিস্তৃত কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ আন আন প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিৱেশ দিৱস বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হয়। বিগত বৰ্ষৰ দৰে এইবাৰো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহে গছপুলি ৰোপণৰ লগতে আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰে। ইলোৰা বিজ্ঞান মঞ্চই জিলা আৰু ৰাজ্যিক ভিত্তিত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনীৰ লগতে বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে মঙলদৈ টাউন হাইস্কুলত এটা পৰিৱেশ সজাগতা অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে বক্তৃতানুষ্ঠানৰ উ...