বিশ্ব পৰিবেশ দিৱস উপলক্ষে নতুন দিল্লীত ১৮খন নমো অক্সিজেন উদ্যান মুকলি

বিশ্ব পৰিবেশ দিৱস উপলক্ষে পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱ আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই আজি নতুন দিল্লীত ১৮ খন নমো অক্সিজেন উদ্যান মুকলি কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে এজোপা গছ মাৰ নামত শীৰ্ষক ৰাষ্ট্ৰজোৰা অভিযানৰ অধীনত এলানি পৰিবেশ কাৰ্যসূচী মুকলি কৰে।

অনুষ্ঠানত ভাষণ দি শ্রীযাদৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত পৰিবেশ সম্বন্ধীয় কার্যত ভাৰত বিশ্বনেতা হিচাপে পৰিচিত হৈছে। তেওঁ কয় যে ভাৰতে সৌৰশক্তি স্থাপনত বিশ্বৰ এখন আগশাৰীৰ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ উপৰি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্রতা স্থাপন, আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স আৰু ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন ৰূপৰেখা সন্মিলনৰ অধীনত নিৰ্ধাৰিত কেতবোৰ লক্ষ্য প্ৰাপ্তিৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি লাভ কৰিছে।

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈছে। ৰাজ্যখনত আজি ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। আত্মসহায়ক গোটৰ ৩৫ লাখতকৈ অধিক মহিলাই এই অভিযানত অংশ লৈছে।