ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি এক কোটি গছপুলি ৰোপণৰ লক্ষ্য

♦ ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ ৩৫ লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ’ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানিকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যাসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তি অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্বল নিদৰ্শন দাঙি ধৰিব।

সমগ্র শিক্ষা অসমে বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্রকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিবেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা ৩০ জুনলৈ ইকো ক্লাৱছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ’ব।

তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ’ব। চিৰাং জিলাৰ বন বিভাগে পৰহিলৈ ভাৰত-ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, ছিক্‌াঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিবেশ দিৱস পালনৰ বাবে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে।

চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে জিলাখনৰ দুটা বিধানসভা সমষ্টি ছিদলী-চিৰাং আৰু বিজনীৰ বিধায়কক লৈ দুয়োটা সমষ্টিতে ৫ লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে।