আজি বিশ্ব পৰিৱেশ দিৱস

আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। ১৯৭৩ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে ৫ জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ এই দিৱসৰ বিষয়বস্তু হৈছে – ‘প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ। আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে’।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এজোপা গছ মাৰ নামত পদক্ষেপৰ দৰে কাৰ্যসূচীসমূহে প্ৰতি বছৰে প্ৰায় ১ লাখ ১০ হেক্টৰ বনাঞ্চল বৃদ্ধিত গুৰুত্বপূৰ্ণ অৰিহনা যোগাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে পৰিবেশ সংৰক্ষণৰ কামত নিয়োজিত সকলোৰে প্ৰশংসা কৰে।

তেওঁ কয় যে এই দিনটোৱে পৰিবেশ সুৰক্ষা আৰু বহনক্ষম বিকাশ বৃদ্ধিৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰে। তেওঁ বিগত দশকত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপত আলোকপাত কৰে। শ্ৰীমোদীয়ে কয় যে এখন পৃথিৱী, এটা পৰিয়াল আৰু এটা ভৱিষ্যতৰ আদৰ্শৰে ভাৰতে মিছন লাইফৰ জৰিয়তে অধিক পৰিচ্ছন্ন, অধিক সেউজীয়া আৰু অধিক বহনক্ষম গ্রহ হিচাপে পৃথিৱীখনক গঢ়ি তোলাৰ দিশত নিৰন্তৰ কাম কৰি যাব।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁৰ বাৰ্তাত কয় যে পৰিবেশ কেৱল আমাৰ অস্তিত্বৰ আধাৰশিলাই নহয়, বৰং ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰাৰ দিশত এটা মহান দায়িত্ব। বৰ্তমানৰ সময়ত সমগ্ৰ বিশ্বই জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সময়ত প্ৰতিজন লোকে দৈনন্দিন জীৱনত সৰু সৰু ইতিবাচক পৰিৱৰ্তন আনি পৰিবেশ সুৰক্ষাত অৰিহণা যোগোৱাটো সকলোৰে কৰ্তব্য বুলি শ্রীবিলাই মন্তব্য কৰে।

লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে সংসদ চৌহদৰ সেউজীকৰণ, পৰিস্কাৰ পৰিবেশ, কাগজবিহীন কাম, এবাৰ ব্যৱহৃত প্লাষ্টিকত নিষেধাজ্ঞা আৰোপ আৰু পৰিবেশ অনুকূল সংসদীয় ভৱনৰ দৰে পদক্ষেপ প্ৰকৃতি আৰু প্ৰগতিৰ মাজৰ সন্তুলিত সমন্বয়ৰ অনুপ্ৰেৰণামূলক উদাহৰণ কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে পৰিবেশ সংৰক্ষণৰ দিশত অধিক সজাগতা সৃষ্টিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এই অভিযানত সক্রিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।