ৰাজ্যত কাইলৈৰ বিশ্ব পৰিৱেশ দিৱসত প্রায় ১ কোটি গছপুলি ৰোপণৰ লক্ষ্য নির্ধাৰণ

ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ প্রায় এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ ৩৫ লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ’ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানিকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে।

সমগ্র শিক্ষা অসমেও বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি কাইলৈৰ পৰা ৩০ জুনলৈ ইকো ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্রীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ’ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত ‘মাতৃৰ নামত এজোপা গছ’ শীর্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ’ব। শিক্ষার্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ ২৮ লাখ ৩৬ হাজাৰ ২৩২ টা গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে।

বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম প্রদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ৰ উদ্যোগত আজি শিৱসাগৰ নগৰত সজাগতামূলক বাটৰ নাট পৰিবেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিবেশন কৰা নাটখসনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাষণ ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিবেশ গঢ়ি তোলা আৰু গছপুলি ৰোপনৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি প্ৰয়াস কৰা হয়।

বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ মেৰাপানীৰ দৈয়াং উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রেক্ষাগৃহত কালি ব্যতিক্রমী কার্যসূচী অনুষ্ঠিত হয়। সামাজিক বনানীকৰণ গোলাঘাট সংমণ্ডলৰ সৌজন্যত তথা দৈয়াং কেন্দ্রীয় সংগীত মহাবিদ্যালয় আৰু নৱৰস কলা কেন্দ্ৰৰ উদ্যোগত আয়োজিত কাৰ্যসূচীত পৰিবেশ সজাগতা বিষয়ক চিত্রাংকন প্রতিযোগিতা অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে এই প্রতিযোগিতাত অংশগ্ৰহণ কৰে। ছাত্র-ছাত্রীসকলে প্লাষ্টিকমুক্ত পৃথিবী, মানুহ আৰু প্ৰকৃতিৰ মাজৰ ভাৰসাম্যতা আদি বিষয়ত চিত্র অংকন কৰি পৰিবেশ সংৰক্ষণৰ শক্তিশালী বার্তা দিয়ে।