আজি বিশ্ব পৰিৱেশ দিৱস। পৃথিৱী আৰু প্ৰকৃতিক সুৰক্ষাৰ বাবে ইতিবাচক পৰিৱেশ সম্পৰ্কীয় কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ বাবে বিশ্বজুৰি সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই দিৱস পালন কৰা হয়। ১৯৭৩ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচীৰ অংশ হিচাপে প্ৰতিবছৰে ৫ জুনত এই দিৱস পালন কৰি অহা হৈছে। এইবাৰ দিৱসৰ বিষয়বস্তু হৈছে ‘প্ৰকৃতিৰ পৰা অনুপ্ৰেৰণা লাভ। আমাৰ জলবায়ু আৰু আমাৰ ভৱিষ্যতৰ বাবে’।
বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যত এক কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ ৩৫ লাখতকৈ অধিক মহিলাই এই অভিযানত অংশ ল’ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ
বনানিকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে।
সমগ্ৰ শিক্ষা অসমেও বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ জিলাসমূহৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। এই অনুসৰি আজিৰে পৰা ৩০ জুনলৈ ইকো ক্লাছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰৰ আয়োজন কৰা হৈছে। তদুপৰি প্ৰতিখন বিদ্যালয়ত ‘মাতৃৰ নামত এজোপা গছ’ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ’ব। শিক্ষার্থী, শিক্ষক আৰু অভিভাৱকৰ জৰিয়তে এইবাৰ ২৮ লাখ ৩৬ হাজাৰ ২৩২ টা গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে।
বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ত বন বিভাগ আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা ৩ জুনলৈ বিভিন্ন ঠাইত ১০ হাজাৰ গছপুলি ৰোপণ কৰা হয়। এই অভিযানত সেনা-জোৱান, প্রাক্তন সৈনিক, বন বিভাগৰ বিষয়া, এন চি চি কেডেট, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, স্থানীয় সংগঠন আৰু স্বেচ্ছাসেৱকসকলে অংশগ্ৰহণ কৰে। গছপুলি ৰোপন কাৰ্যসূচীৰ সমান্তৰালভাৱে অনাময় অভিযানো চলোৱা হয়।
বিশ্ব পৰিবেশ দিৱস উপলক্ষে অসম প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কার্যালয়ৰ উদ্যোগত কালি শিৱসাগৰ নগৰত সজাগতামূলক বাটৰ নাট পৰিবেশন কৰা হয়। ৰামধেনু নাট্যগোষ্ঠীয়ে পৰিবেশন কৰা নাটখনৰ জৰিয়তে প্লাষ্টিকৰ সীমিত ব্যৱহাৰ, সঠিক জাবৰ নিষ্কাষণ ব্যৱস্থা, প্ৰদূষণমুক্ত পৰিবেশ গঢ়ি তোলা আৰু গছপুলি ৰোপনৰ প্রয়োজনীয়তাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি প্ৰয়াস কৰা হয়।
বিশ্ব পৰিবেশ দিৱসৰ সৈতে সংগতি ৰাখি দক্ষিণ শালমৰাৰ মানকাচৰ মহকুমাৰ ৩৫খন গাঁও পঞ্চায়তত গছপুলি ৰোপণ আৰু চাফাই অভিযান চলোৱা হৈছে। পাঁচদিনীয়াকৈ আয়োজন কৰা এই কাৰ্যসূচীত পঞ্চায়তৰ প্ৰতিনিধি, কৰ্মচাৰী আৰু স্থানীয় লোকৰ অংশগ্রহণেৰে ৰাজহুৱা স্থান, বিদ্যালয় চৌহদ আৰু পথৰ কাষত গছপুলি ৰোপন কৰা হৈছে ।
চিৰাং জিলাৰ বন বিভাগে আজি ভাৰত-ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, ছিপাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিবেশ দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে জনোৱা মতে জিলাখনৰ দুটা বিধানসভা সমষ্টি ছিদলী-চিৰাং আৰু বিজনীৰ বিধায়কক লৈ দুয়োটা সমষ্টিতে ৫ লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। আজিৰ কাৰ্যসূচীত বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী আৰু বি টি চিৰ বন বিভাগৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্ম উপস্থিত থাকিব।