আঞ্চলিক সংবাদ

August 13, 2026 12:00 PM

views 20

আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৱানিশা আই এছ বি টিৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ইম্ফলৰ পৰা অহা এখন ট্ৰাকৰ পৰা ১.৫০ লাখ টা য়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ বজাৰ মূল্য প্রায় ৩৮ লাখ টকা হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে।

August 13, 2026 11:55 AM

views 18

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত “বিকশিত ভাৰত যুৱ সংযোগ কাৰ্যসূচী ২০২৬ অন্তৰ্গত নিচামুক্ত যুৱবিকশিত ভাৰত’ শীৰ্ষক বিশেষ কাৰ্যসূচী

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এনএছএছৰ তত্ত্বাৱধানত আৰু ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা তথা ক্ৰীড়া মন্ত্ৰালয়ৰ সহযোগিতাত “বিকশিত ভাৰত যুৱ সংযোগ কাৰ্যসূচী ২০২৬ অন্তৰ্গত নিচামুক্ত যুৱবিকশিত ভাৰত ' শীৰ্ষক এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বি...

August 13, 2026 11:51 AM

views 14

গুৱাহাটীৰ বৰাগাঁৱৰ এটা প্লাষ্টিকৰ ডেম্পত যোৱা নিশা প্ৰায় ১১ বজাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ এটা প্লাষ্টিকৰ ডেম্পত যোৱা নিশা প্ৰায় ১১ বজাত এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিনির্বাপক বাহিনীৰ কেইবাখনো গাড়ীয়ে বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ পিছত ডেম্পটোৰ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়। বৃহৎ আকাৰৰ ডেম্পটোত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পিছত বৃহত্তৰ অঞ্চলটোত দুৰ্গন্ধ ব...

August 12, 2026 7:54 PM

views 13

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ দেহাৱসান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৯ বছৰ। উল্লেখযোগ্য যে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত ১৯৬৬ চনত চাকৰিত যোগদান কৰি ২০০৭ চনত অৱসৰ গ্ৰহণ কৰিছিল।

August 12, 2026 7:52 PM

views 13

উজনি অসমৰ ভয়াবহ বান পৰিস্থিতি সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ

১৮ ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়চোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান আৰু বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্...

August 12, 2026 7:50 PM

views 25

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো স্বাধীনতা দিৱসৰ ব্যাপক প্রস্তুতি

৮০ সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্...

August 12, 2026 7:42 PM

views 12

নলবাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ত গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত সভা অনুষ্ঠিত

ৰাজ্যপালৰ ধবজাবাহী আঁচনি গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত আজি নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলাখনৰ বিভিন্ন বিভাগৰ পৰা মনোনীত কৰ্মচাৰীসকলৰ সৈতে এখন সভাত অংশগ্রহণ কৰে। নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ড০ ধ্রুবজ্যোতি হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাৰ লগতে যুটীয়া স্বাস...

August 12, 2026 7:08 PM

views 20

বানত ক্ষতিগ্রস্ত ৪ খন জিলাৰ ৪৯৪টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আর্থিক সাহায্য প্রদান ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্রস্ত ৪৯৪টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আর্থিক সাহায্য প্রদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই এই সাহায্য মুকলি কৰে। সংবাদমেলত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অং...

August 12, 2026 6:50 PM

views 14

অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি পিযুষ হাজৰিকাৰ প্ৰকাশ

ৰাজ্যৰ কৃষি, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি দৰং জিলাৰ মঙলদৈ ২ নম্বৰ মাজগাঁৱত অসম মাখানা মূল্য শৃংখল প্ৰকল্পৰ অধীনত নাৱাৰ্ডৰ পৃষ্ঠপোষকতাত মাখানা উৎপাদনস্থলী পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয়, যে অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে। তেওঁ অসমত থকা পুখুৰী, ...