August 12, 2026 6:50 PM | Pijush Hazarika

printer

অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে বুলি পিযুষ হাজৰিকাৰ প্ৰকাশ

ৰাজ্যৰ কৃষি, জলসিঞ্চন আদি বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই আজি দৰং জিলাৰ মঙলদৈ ২ নম্বৰ মাজগাঁৱত অসম মাখানা মূল্য শৃংখল প্ৰকল্পৰ অধীনত নাৱাৰ্ডৰ পৃষ্ঠপোষকতাত মাখানা উৎপাদনস্থলী পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয়, যে অসমত মাখানা খেতিৰ যথেষ্ট সম্ভাৱনীয়তা আছে। তেওঁ অসমত থকা পুখুৰী, বিল, জলাশয় আদিত মৎস উৎপাদনৰ সমান্তৰালকৈ মাখানা উৎপাদন কৰি অতিৰিক্তভাৱে লাভৱান হ’বলৈ যুৱ প্ৰজন্মক আহ্বান জনায়। তেওঁ লগতে কয়, যে কেৰালা, বেংগালুৰু, হায়দাবাদ আদি চহৰলৈ চাকৰিমুখী হৈ যোৱাৰ পৰিৱৰ্তে যুৱ প্ৰজন্মই কৃষি কৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰি আত্মনিৰ্ভৰশীল হ’ব পাৰে। তেওঁ কয়, যে বর্তমান ২১ শতাংশ কৃষি ভূমিত উপলব্ধ জলসিঞ্চনৰ পৰিমাণ আগন্তুক ৫ বছৰত ৪১শতাংশলৈ বৃদ্ধি কৰা হ’ব। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে মঙলদৈৰ নগৰবাহিত মুখ্যমন্ত্ৰীৰ উৎকোষ বঁটাৰ অধীনত চিৰসেউজী মহিলা আৰু দৰঙী মহিলা কৃষক উৎপাদক কোম্পানীৰ অধীনৰ এটা সৰিয়হ তেল উদ্যোগ পৰিদৰ্শন কৰে ।