আঞ্চলিক সংবাদ

August 12, 2026 11:45 AM

views 32

হস্তী সংৰক্ষণৰ সজাগতা সৃষ্টি, হাতী-মানুহৰ সংঘাত হ্ৰাসৰ উদ্দেশ্যেৰে বিশ্ব হস্তী দিৱস পালন

হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ ম'হৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও...

August 12, 2026 11:36 AM

views 32

দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা ২৫খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত অসমৰ ১৫খন জিলা

দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা ২৫ খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ ১৫খন জিলাও আছে। লগতে ৰাজ্যৰ ২৪ খন জিলা বান আৰু খৰাং প্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্য মন্ত্রী কীর্তি বর্ধন সিঙে এই...

August 12, 2026 10:05 AM

views 30

কলম্বিয়াৰ প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০জন লোকৰ মৃত্যু

কলম্বিয়াত প্রচণ্ড ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ এই প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ৷  উল্লেখযোগ্য যে সোমবাৰে প...

August 12, 2026 10:02 AM

views 34

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব

১৩৫ সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাত নর্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্রুপ-এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত এফ চি ৱানক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।  গ্ৰুপ পৰ্যায়ত নর্থ ইষ্ট ইউনাইটেডে তিনিখন খেলতে জয়লাভ কৰ...

August 11, 2026 8:15 PM

views 16

ৰাজ্যত শিক্ষকৰ বদলি প্রক্রিয়া আৰম্ভ হৈছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ প্ৰকাশ

ৰাজ্যত শিক্ষকৰ বদলি প্রক্রিয়া আৰম্ভ হৈছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰি কৰি তেওঁ কয়, যে শিক্ষকসকলে প'র্টেলযোগে পাৰস্পৰিক বদলি ল'ব পাৰিব। তেওঁ কয় যে প্রথম পৰ্যায়ত পাৰস্পৰিক বদলিৰ তালিকা প্রকাশ পাব আৰু পৰৱৰ্তী পর্যায়ত বি টি আৰ সম্পূৰ্ণ এজন শিক্ষক থ...

August 11, 2026 8:12 PM

views 14

দিছপুৰত বিজ্ঞান প্রযুক্তি মন্ত্রী কেশৱ মহন্তৰ পৰ্যালোচনা বৈঠক

বিজ্ঞান প্রযুক্তি মন্ত্রী কেশৱ মহন্তই আজি দিছপুৰত আয়োজিত এখন বৈঠকত গুৱাহাটীৰ বিজ্ঞান নগৰীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজ আৰু ১২খন জিলাত নির্মীয়মান বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰে। বৈঠকত গুৱাহাটী বিজ্ঞান নগৰীৰ প্ৰকল্পত ডিজিটেল পেনোৰামা, অত্যাধুনিক বিজ্ঞান সভাকক্ষকে ধৰি নতুনকৈ সং...

August 11, 2026 8:07 PM

views 14

২২ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ডেৰ কোটি গছপুলি ৰোপণৰ লক্ষ্য ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে বৃক্ষ বন্ধু অভিযানৰ অধীনত চাৰি দিনত ষষ্ঠ শ্ৰেণীৰ ওপৰৰ ২২ লক্ষাধিক ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ডেৰ কোটি গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰিছে। পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্...

August 11, 2026 8:04 PM

views 19

মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্রদানৰ আহ্বান ৰাজ্যসভাৰ সাংসদ যোগেন মহনৰ

ৰাজ্যসভাৰ সাংসদ যোগেন মহনে মাজুলীক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা প্রদানৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি আহ্বান জনাইছে। ৰাজ্যসভাত বিশেষ উল্লেখৰ জৰিয়তে বিষয়টো উত্থাপন কৰি অসমৰ সাংসদগৰাকীয়ে কয় যে মাজুলী ৰাজ্যৰ সাংস্কৃতিক আৰু মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কেন্দ্ৰ...

August 11, 2026 7:59 PM

views 12

মহিলাৰ ক্ষেত্রত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে মোবাইল এপ্লিকেচন মুকলি

মহিলা আৰু শিশু বিকাশ মন্ত্রী অজন্তা নেওগে আজি মহিলাৰ ক্ষেত্রত অভিযোগ পঞ্জীয়ন আৰু বিপদৰ বিষয়ে অৱগত কৰাৰ বাবে এটা সুকীয়া মোবাইল এপ্লিকেচন মুকলি কৰে। অসম ৰাজ্যিক মহিলা আয়োগে মহিলাসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এই এপ্লিকেচন বিকশাই তুলিছে। শ্রীমতী নেওগে সামাজিক মাধ্যমযোগে কয় যে বহিঃৰাজ্যত থকা অসমৰ...

August 11, 2026 7:56 PM

views 9

বানত ক্ষয়-ক্ষতিৰ জৰীপ, মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নির্দেশ ৰাজ্য চৰকাৰৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনর্সংস্থাপনৰ কামকাজৰ এখন পর্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়-ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।