হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ ম‘হৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও এহেজাৰ ৭০০ টা বনৰীয়া হাতী আৰু ৫৯ টা পোহনীয়া হাতী আছে। তদুপৰি উদ্যানখনত হাতী সুৰক্ষাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে।
গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উপদ বিলৰ কাষৰীয়া গাঁও ছামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। বনাঞ্চল হ্ৰাস, বনভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান, কৃষি আৰু বাসগৃহ নিৰ্মাণ কৰাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ অহা আৰু খাদ্যৰ নাটনি হোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হৈছে।