August 12, 2026 6:46 PM

views 9

বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন

ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে – ‘সুৰক্ষিত পৰিৱেশ, অনুকুল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী, মোৰ ঐতিহ্য'। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ, প্রকৃতিপ্রেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীপ চাফাৰী সন্থাৰ সামুহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা ...

August 12, 2026 11:45 AM

views 27

হস্তী সংৰক্ষণৰ সজাগতা সৃষ্টি, হাতী-মানুহৰ সংঘাত হ্ৰাসৰ উদ্দেশ্যেৰে বিশ্ব হস্তী দিৱস পালন

হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ ম'হৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয...

August 12, 2025 8:53 PM

views 43

আজি বিশ্ব হস্তী দিৱস

হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱস পালন কৰা হয়। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কার্যসূচী অনুষ্ঠিত হয়। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মুখ্য প্রবেশদ্বাৰত আজি হাতীক খাদ্য খুওৱাৰ লগতে মাউতসকলক বস্ত্ৰ প্ৰদান কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হস্তী সন্দৰ্ভত কুইজ প্রতিযোগিতা অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ মানস ব্যাঘ্ৰ প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক ড° চি ৰমেশে প্ৰকাশ কৰা মতে, উদ্যানখনত কমেও এহেজাৰ ৭০...

August 12, 2024 6:57 PM

views 55

দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো আজি বিশ্ব হস্তী দিৱস পালন

আজি বিশ্ব হস্তী দিৱস। হাতী আৰু মানুহৰ সংঘাত দূৰ কৰাৰ লগতে হস্তীকুলৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে এই দিৱস পালন কৰা হয়। ২০১২ চনৰ পৰা প্ৰতি বছৰে এই দিৱস আয়োজিত হৈ আহিছে। এই দিৱস উপলক্ষে আজি হাতী সংৰক্ষণৰ বাবে বিভিন্ন স্থানত সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হয়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত ১৪৮ টা হাতী চিকিৎসা কৰি বনাঞ্চলত মুকলি কৰি দিয়া হৈছে। কেন্দ্ৰটোৰ চিকিৎসক ডাঃ ভাস্কৰ চৌধুৰীয়ে প্ৰকাশ কৰা মতে হাতী-মানুহৰ সংঘাতৰ বিপৰীতে সহাৱস্থান অত্যন্ত প্ৰয়োজন হৈ পৰিছে । অ...