ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কার্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী-মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে – ‘সুৰক্ষিত পৰিৱেশ, অনুকুল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী, মোৰ ঐতিহ্য’। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষ, প্রকৃতিপ্রেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীপ চাফাৰী সন্থাৰ সামুহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয় ।
– মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দী হাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত
কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও এহেজাৰ ৭০০ টা বনৰীয়া হাতী, ৫৯ টা পোহনীয়া হাতী আৰু ৬৩ টা বন্দী হাতী আছে।
গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উপদ বিলৰ কাষৰীয়া গাঁও ছামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে।
তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব হস্তী দিৱস উপলক্ষে দ্য গ্ৰীণ গ্ল’ নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু পতঞ্জলি যোগপীঠ, এছ এছ বি তথা বাক্সা জিলা বন প্ৰাধিকৰণৰ যৌথ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়। সভাত বনৰীয়া হাতীৰ সুৰক্ষা আৰু হাতী-মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি দৃশ্য শ্ৰব্য মাধ্যমৰ সহায়ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক বনৰীয়া হাতী সংৰক্ষণৰ দিশসমূহৰ বিষয়ে অৱগত কৰোৱা হয় ।
পশ্চিম কাৰ্বি আংলং জিলাৰ থং নক্বে হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়তো বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু জনসম্পর্ক কার্যসূচী অনুষ্ঠিত হয়। মানুহ আৰু হাতীৰ মাজৰ সংঘাত হ্ৰাস কৰি সহাৱস্থান গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজিৰ কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হয়।