মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনর্সংস্থাপনৰ কামকাজৰ এখন পর্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়-ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বিভাগ তথা জিলা আয়ুক্তৰ সৈতে ভিডিঅ’ কনফাৰেন্স যোগে ভাগ লোৱা পর্যালোচনা বৈঠকখনতে মুখ্যমন্ত্রীয়ে বানত ক্ষতিগ্রস্ত হোৱা কোনো পৰিয়ালে যাতে সাহায্য লাভৰ পৰা বাদ পৰি নাযায় সেয়া নিশ্চিত কৰিবলৈও নির্দেশ দিয়ে। প্ৰতিগৰাকী বানপীড়িতক অন্তর্বর্তীকালীন সাহায্য শীঘ্রে প্রদান কৰিবলৈও মুখ্যমন্ত্রী ড° শর্মাই নির্দেশ দিয়ে।
সম্প্রতি দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মন্ত্ৰীগোটৰ বৈঠক চলি আছে। এই সন্দৰ্ভত বিতং তথ্য পৰৱৰ্তী বুলেটিনত প্রকাশ পাব।