August 11, 2026 8:12 PM | Keshab Mahanta Meet

printer

দিছপুৰত বিজ্ঞান প্রযুক্তি মন্ত্রী কেশৱ মহন্তৰ পৰ্যালোচনা বৈঠক

বিজ্ঞান প্রযুক্তি মন্ত্রী কেশৱ মহন্তই আজি দিছপুৰত আয়োজিত এখন বৈঠকত গুৱাহাটীৰ বিজ্ঞান নগৰীৰ পৰৱৰ্তী পৰ্যায়ৰ কাম-কাজ আৰু ১২খন জিলাত নির্মীয়মান বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ পৰ্যালোচনা কৰে। বৈঠকত গুৱাহাটী বিজ্ঞান নগৰীৰ প্ৰকল্পত ডিজিটেল পেনোৰামা, অত্যাধুনিক বিজ্ঞান সভাকক্ষকে ধৰি নতুনকৈ সংলগ্ন কৰিবলৈ লোৱা উপাদানসমূহৰ বিষয়ে বিতংভাবে আলোচনা কৰা হয়। ইয়াৰ উপৰি বৈঠকত ৰাজ্যৰ ১২খন জিলাত নির্মাণ হৈ থকা জিলা বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহ নিৰ্মাণ কাৰ্যৰ অগ্রগতিৰো পৰ্যালোচনা কৰা হয়।

বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, বিজ্ঞান নগৰী প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অসম বিজ্ঞান প্রযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ সঞ্চালক ৬০ জয়দীপ বৰুৱা, লোকনির্মাণ বিভাগৰ গৃহ শাখাৰ মুখ্য অভিযন্তা মহেন্দ্র মোহন দাসৰ লগতে নির্মাণ কার্য চলি থকা জিলা বিজ্ঞান কেন্দ্ৰ তথা তাৰকাগৃহৰ নিৰ্মাণ কাৰ্যৰ তদাৰকী সংমাগুলিক অভিযন্তাসকল বৈঠকত উপস্থিত থাকে।