August 12, 2026 10:05 AM | colombia earthquake

printer

কলম্বিয়াৰ প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০জন লোকৰ মৃত্যু

কলম্বিয়াত প্রচণ্ড ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে৷ এই প্রলয়ংকৰী ভূমিকম্পত কমেও ২৫০ জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে ৷ 

উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাৱে জনাজাত অঞ্চলটোৰ ভূমিখণ্ড ফালি যোৱাৰ লগতে প্ৰকাণ্ড অট্টালিকা, ঘৰ, বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্রসমূহত ফাট মেলে,হেলনীয়া হয় আৰু বহুসংখ্যক খহি পৰে। ভূমিকম্প প্ৰভাৱিত চহৰসমূহৰ পৰা লাভ কৰা পৃথক পৃথক বাতৰি অনুসৰি এই ঘটনাত মুঠ প্রাণহানিৰ সংখ্যা ২৫৪। 

তথ্য অনুসৰি পেৰেইৰাত ১০১ জন আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত ৯৫ জন লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় বনাঞ্চল এলেকা চোকোৰ বহু ঠাইত এতিয়াও বিদ্যুৎ যোগান বা প্রাথমিক সা-সুবিধাৰ অভাৱত উদ্ধাৰ অভিযান চলোৱাটো জটিল হৈ পৰিছে। 

দেশখনৰ নতুন ৰাষ্ট্ৰপতি এবেলার্ডো ডি লা এস্প্রিয়েলাৰ কাৰ্যভাৰ গ্ৰহণৰ মাত্ৰ কেইদিনমানৰ পিছতে এই ভূমিকম্প সংঘটিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ভূমিকম্পত গৃহহাৰা লোকসকলক অর্থনৈতিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে।