আঞ্চলিক সংবাদ

August 11, 2026 7:36 PM

views 9

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, ৭ জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৪১ খন গাঁৱৰ ১ লাখ ১২,৭১৮ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০,৮৭৯.০৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে ...

August 11, 2026 2:23 PM

views 25

স্বাধীনতা দিৱস আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত চাইকেল সমদল

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি আৰু বন্দে মাতৰমৰ ডেৰশ বছৰীয়া জয়ন্তী তথা হৰ ঘৰ তিৰংগা, ২০২৬ উপলক্ষে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আজি এটা চাইকেল সমদল অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত সৃষ্টি সিঙৰ লগতে অতিৰিক্ত জিলা আয়ুক্ত ৰাকেশ ডেকা, ড° নীলাক্ষী বৈশ্য, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ ...

August 11, 2026 2:18 PM

views 17

ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনৰ হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ

সমাগত স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অন্যান্য জিলাসমূহৰ লগতে গোৱালপাৰা জিলা প্ৰশাসনেও হৰ ঘৰ তিৰংগা অভিযান কাৰ্যসূচী গ্ৰহণ কৰিছে। গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ বহুমুখী ভৱনত বন্তি প্ৰজ্বলনেৰে কালি হৰ ঘৰ তিৰংগা অনুষ্ঠানৰ আৰম্ভ কৰা হয়। আজি একেটা স্থানতে শিক্ষাৰ্থীসকলৰ মাজত চিত্রাংকণ প্রতিযোগিতা অন...

August 11, 2026 2:10 PM

views 19

নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যু বার্ষিকী

নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যু বার্ষিকী। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্মলাভ কৰা দত্তই ১০০ৰো অধিক নাট আৰু ৫০০ ৰো অধিক গীত ৰচনা কৰে। তেওঁ উপ-পথ নামৰ ছবিখনো পৰিচালনা কৰিছিল। ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শ‍ইকীয়া বঁটাকে ধৰি ভালেমান বঁটাৰে সন্মানিত প্রয়াত দত্তই...

August 11, 2026 1:54 PM

views 33

গুৱাহাটী বিশ্ববিদ্যালয়ত ৫বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন

নতুন সম্ভাৱনা আৰু জ্ঞানৰ অন্বেষণেৰে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এটা নতুন অধ্যায়ৰ আৰম্ভণিৰ উদ্দেশ্যেৰে কালি গুৱাহাটী বিশ্ববিদ্যালয়ত পাঁচ বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰমৰ কেন্দ্ৰীয় দীক্ষাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। ড° ৰঞ্জন কুমাৰ কাকতিৰ ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত উপাচার্য ননী গোপাল মহন্তই বিশ্ববিদ...

August 11, 2026 1:41 PM

views 9

নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলেৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ 

নামনি মাজুলীৰ কৰতিপাৰৰ বিশিষ্ট শিপিনী ৰীতি দলেই ২০২৫ চনৰ বাবে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় হস্ততাঁত পুৰস্কাৰ লাভ কৰিছে। যোৱা ৭ আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত নতুন দিল্লীত ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ পৰা ৰাষ্ট্ৰীয় বস্ত্ৰ শিল্প বঁটা ২০২৫ গ্ৰহণ কৰি কালি মাজুলীত উপস্থিত হোৱাৰ লগে লগে শিপিনীগৰাকীক কমলাবাৰী ফ...

August 11, 2026 1:45 PM

views 18

সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সোণাপুৰৰ কমাৰকুছিস্থিত জুবিন ক্ষেত্ৰৰ নিৰ্মাণকাৰ্যৰ বুজ লয়। চৌহদৰ চাৰিবেৰৰ কাম সোনকালে সম্পন্ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে সংশ্লিষ্ট লোকসকলক নির্দেশনা দিয়ে, যাতে মুকলি মঞ্চ তথা অন্য প্রয়োজনীয় কামসমূহ শীঘ্ৰেই আৰম্ভ কৰিব পৰা যায়৷ মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শনকালত ক...

August 11, 2026 1:29 PM

views 12

ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে ১০০ কোটি টকা আগবঢ়াব

ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে ১০০ কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ৫ মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ-অগ্ৰগতিৰ বুজ লৈ ড০ শৰ্মাই এই কথা প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৭ চনৰ মাৰ্...

August 11, 2026 1:03 PM

views 43

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ

ধেমাজিৰ অসম-অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদটিত কালি অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত ১১জন অসমীয়া লোক গুলিবিদ্ধ হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি ধেমাজিৰ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত সীমা সমস্যাক লৈ চলি থকা বিবাদৰ প্ৰতি প্ৰশাসনে বিশেষ ব্যৱস্থা নোলোৱাৰ ফলতেই মিংমাং বদটিৰ গিমে বস্তিত এই ভয়ংকৰ কাণ্ড সংঘট...

August 11, 2026 1:29 PM

views 11

সাম্প্ৰতিক বানত ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ জিলা প্রশাসনক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাম্প্ৰতিক বানত ক্ষতিগ্রস্ত বিভিন্ন অঞ্চলত চলি থকা সাহায্য আৰু পুনসংস্থাপনৰ কামকাজৰ এখন পৰ্যালোচনা বৈঠকত ভাগ লৈ ক্ষয়ক্ষতিৰ জৰীপ আৰু মূল্যায়নৰ কাম নিখুঁত আৰু ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ সংশ্লিষ্ট বি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।