August 11, 2026 7:36 PM | Assam Flood Situation

printer

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, ৭ জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৭ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত আছে। বানত ৪৪১ খন গাঁৱৰ ১ লাখ ১২,৭১৮ জন লোক প্ৰভাৱিত হোৱাৰ লগতে ১০,৮৭৯.০৩ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। বানত সম্প্রতি মৃত্যু হোৱা লোকৰ সংখ্যা ১০১ হৈছেগৈ।

শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্রতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হৈছে। জিলাখনৰ বান ক্ষতিগ্রস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱাৰ সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নির্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ কাম সম্পূর্ণ নোহোৱা বিদ্যালয়সমূহক পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্রশাসনে বান প্রভাবিত এলেকাৰ ৬৬ খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন ১৫ আগষ্ট পর্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ পাঁচটা স্থানৰ ভিতৰত চাৰিটা স্থানতেই মথাউৰিৰ চিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শ’লমাৰাত এই কাম শেষ পর্যায়ত আছে।

ইপিনে ৰাজ্যত শেহতীয়া বানত সর্বাধিক ক্ষতিগ্রস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয়-ক্ষতিৰ জৰীপ কৰা হৈছে। প্রথম পৰ্যায়ৰ জৰীপ অহা ৩০ আগষ্টলৈ চলিব।