August 8, 2026 12:30 PM
4
ৰাজ্যৰ ১৩ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কবলত
ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ১৩ খন জিলাৰ বিস্তীর্ণ অঞ্চল এতিয়াও বানৰ কৱলত আছে। বানত ৪৬৪ খন গাঁৱৰ ১ লাখ ৫৫ হাজাৰ লোক প্ৰভাৱিত হোৱাৰ লগতে ১০ হাজাৰ ৭৪৮.৬৪ হেক্টৰ কৃষিভূমি ক্ষতিগ্রস্ত হৈছে। চৰাইদেউ জিলাত কালি এটা মৃতদেহ উদ্ধাৰৰ পাছত সম্প্রতি বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮ হৈছেগৈ। বর্তমান ৫৫ টা সাহায্য শিবিৰত ১০ হাজাৰতকৈও অধিক লোকে আশ্রয় লৈ আছে। তদুপৰি ১৮ টা সাহায্য বিতৰণ কেন্দ্ৰই বান ক্ষতিগ্রস্ত জনসাধাৰণক সাহায্য আগবঢ়াই আছে। ইপিনে, দৈয়াং জলবিদ্যুৎ প্রকল্পৰ পৰা নিৰন্তৰ পানী এৰি থকাৰ ফলত...