নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যু বার্ষিকী। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্মলাভ কৰা দত্তই ১০০ৰো অধিক নাট আৰু ৫০০ ৰো অধিক গীত ৰচনা কৰে। তেওঁ উপ-পথ নামৰ ছবিখনো পৰিচালনা কৰিছিল।
ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শইকীয়া বঁটাকে ধৰি ভালেমান বঁটাৰে সন্মানিত প্রয়াত দত্তই মন পৰশা অনেক গীত ৰচনা কৰিছিল। তেওঁৰ গীতবোৰত জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, ৰিদীপ দত্ত, ঋতুপৰ্ণ শৰ্মা, জুবিন গাৰ্গ আদিয়ে কণ্ঠ নিগৰাই শ্ৰোতাৰ ওচৰ চপাই নিছিল।
এটা নষ্ট ল’ৰাৰ গল্প, পথ, টাইটানিক, সেন্দূৰ, আকাশৰ দৰে মন, জেতুকা পাতৰ ৰং আদি তেওঁৰ উল্লেখযোগ্য নাটক। এইগৰাকী স্বনামধন্য শিল্পীৰ প্ৰথম মৃত্যু বার্ষিকীত ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰিছে।