August 11, 2026 2:10 PM

views 19

নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যু বার্ষিকী

নাট্যকাৰ, গীতিকাৰ, অভিনেতা আৰু পৰিচালক হেমন্ত দত্তৰ আজি প্ৰথম মৃত্যু বার্ষিকী। ১৯৪১ চনত দৰং জিলাৰ খাৰুপেটীয়াত জন্মলাভ কৰা দত্তই ১০০ৰো অধিক নাট আৰু ৫০০ ৰো অধিক গীত ৰচনা কৰে। তেওঁ উপ-পথ নামৰ ছবিখনো পৰিচালনা কৰিছিল। ভৱেন বৰুৱা বঁটা, ভৱেন্দ্ৰনাথ শ‍ইকীয়া বঁটাকে ধৰি ভালেমান বঁটাৰে সন্মানিত প্রয়াত দত্তই মন পৰশা অনেক গীত ৰচনা কৰিছিল। তেওঁৰ গীতবোৰত জয়ন্ত হাজৰিকা, চাৰু গোহাঁই, ৰিদীপ দত্ত, ঋতুপৰ্ণ শৰ্মা, জুবিন গাৰ্গ আদিয়ে কণ্ঠ নিগৰাই শ্ৰোতাৰ ওচৰ চপাই নিছিল। এটা নষ্ট ল'ৰাৰ গল্প, পথ, টাইটানিক, সেন্দূৰ, ...

August 11, 2025 7:26 PM

views 56

৮৩ বছৰ বয়সত বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। গতিশীল সময়ৰ ৰায় মানি কাহানিও উভতি নহা বাটেৰে আজি বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তই বিদায় মাগিছে। সাত দশকৰো অধিক কালজুৰি অসমীয়া গীতি সাহিত্য, অভিনয়, চলচ্চিত্ৰ আৰু নাট্যক্ষেত্ৰলৈ বৰঙণি যোগাই অহা হেমন্ত দত্তৰ গীতসমূহে অগণন শ্ৰোতাৰ হৃদয় জিনিবলৈ সমৰ্থ হৈছে। ১৯৪২ চনত দৰং জিলাৰ খাৰুপেটিয়াত জন্মলাভ কৰা হেমন্ত দত্তই...

August 11, 2025 12:24 PM

views 52

বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান

■ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। কেইবাখনো চলচ্চিত্ৰত অভিনয়, শতাধিক নাট আৰু পাঁচ শতাধিক গীত ৰচনাৰে অসমৰ অভিনয় আৰু সাহিত্য জগতত অৱদান আগবঢ়াই যোৱা গীতিকাৰগৰাকীয়ে কেইবাখনো চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল। ভ্ৰাম্যমানৰ বাবে ভালেমান নাট ৰচনা আৰু পৰিচালনা কৰা দত্তক ২০১৮-১৯ বৰ্ষৰ ভৱেন্দ্ৰনাথ শ‍ইকীয়া বঁটা আৰু ২০১৮ বৰ্ষৰ গুৰুজী আদ্য শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছিল...