ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে ১০০ কোটি টকা আগবঢ়াব

ৰাজ্য চৰকাৰে সোণাপুৰত থকা বিজ্ঞান নগৰীলৈ অতিৰিক্তভাৱে ১০০ কোটি টকা আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। ৫ মাহ পূৰ্বে প্ৰথম পৰ্যায়ৰ নিৰ্মাণেৰে মুকলি কৰা বিজ্ঞান নগৰীৰ নতুন সংযোজনসমূহৰ নিৰ্মাণ-অগ্ৰগতিৰ বুজ লৈ ড০ শৰ্মাই এই কথা প্ৰকাশ কৰে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ২০২৭ চনৰ মাৰ্চৰ ভিতৰত বিজ্ঞান নগৰীখনে পূৰ্ণাংগৰূপ পাব বুলি আশা প্ৰকাশ কৰে। বিজ্ঞান নগৰীখনক দৰ্শনাৰ্থীৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ বাবে এটা ডিজিটেল পেন’ৰামা, সন্মিলন কেন্দ্ৰ, মিউজিকেল ফাউণ্টেইন, পার্কিঙৰ সা-সুবিধা আদি কামকাজৰ বাবে ৰাজ্য চৰকাৰে অতিৰিক্ত ধনৰাশি প্ৰদান কৰিব।

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ যৌথ উদ্যোগত ৰূপায়িত এই প্ৰকল্পৰ কামকাজ সম্পূৰ্ণ হৈ উঠিলে সোণাপুৰৰ বিজ্ঞান নগৰীখন দেশৰ ভিতৰতে উৎকৃষ্ট বিজ্ঞান নগৰী হিচাপে পৰিগণিত হ’ব বুলিও মুখ্যমন্ত্ৰী ড° শৰ্মাই আশা প্ৰকাশ কৰে। বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে সকলো লোককে বিজ্ঞান নগৰী দৰ্শনৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰা সোণাপুৰৰ বিজ্ঞান নগৰীলৈ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সেৱা আৰম্ভ কৰা হ’ব বুলিও প্ৰকাশ কৰে৷

উল্লেখযোগ্য যে ১৫০ বিঘা মাটিত নির্মিত বিজ্ঞান নগৰীৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ সম্পূৰ্ণ কৰি পাঁচ মাহ পূৰ্বে ক্ষেত্ৰসমূহ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল।